• Home
  • »
  • News
  • »
  • assam
  • »
  • আকৌ এবাৰ তালিকাৰ তলৰ ফালে অসম! শিক্ষাৰ উন্নয়নৰ সমীক্ষাত অসমৰ নিকৃষ্ট প্রদৰ্শন; ২৮ খন ৰাজ্যৰ তলত অসম। 

আকৌ এবাৰ তালিকাৰ তলৰ ফালে অসম! শিক্ষাৰ উন্নয়নৰ সমীক্ষাত অসমৰ নিকৃষ্ট প্রদৰ্শন; ২৮ খন ৰাজ্যৰ তলত অসম। 

দেওবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে জাৰী কৰা ২০১৯-২০বৰ্ষৰ পাৰদৰ্শিতা বৰ্গ সূচাংকত (Performance Grading index) ষষ্ঠ পৰ্যায়ত (Level vi) অসম ।

দেওবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে জাৰী কৰা ২০১৯-২০বৰ্ষৰ পাৰদৰ্শিতা বৰ্গ সূচাংকত (Performance Grading index) ষষ্ঠ পৰ্যায়ত (Level vi) অসম ।

দেওবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে জাৰী কৰা ২০১৯-২০বৰ্ষৰ পাৰদৰ্শিতা বৰ্গ সূচাংকত (Performance Grading index) ষষ্ঠ পৰ্যায়ত (Level vi) অসম ।

  • Share this:
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে দেওবাৰে মুকলি কৰে ২০১৯-২০বৰ্ষৰ পাৰদৰ্শিতা বৰ্গ  সূচাংক (Performance Grading index) । ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে স্কুলীয়া শিক্ষাৰ দিশত বিভিন্ন শিতানত প্রদর্শন কৰা অগ্ৰগতি আৰু পৰিবৰ্তনৰ ভিত্তিত এই তালিকা প্ৰস্তুত কৰা হয় । ৰাজ্য সমূহৰ পাৰদৰ্শিতা প্ৰদৰ্শনৰ ভিত্তিত নম্বৰ প্ৰদান কৰি বিভিন্ন বৰ্গত শ্ৰেণীভুক্ত কৰা হয় । এই তালিকাত Grade 1plus plus  লাভ কৰি শীর্ষ স্থানত আছে পঞ্জাৱ, তামিলনাডু, চণ্ডীগড়, কেৰালা আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জই । এই পাঁচ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে ১০০০ৰ ভিতৰত ৯০১ৰ পৰা ৯৫০নম্বৰ লাভ কৰি দ্বিতীয়টো পৰ্যায়ত (level)ত আছে ।

উল্লেখযোগ্য যে, ৭০১ৰ পৰা ৭৫০নম্বৰ লাভ কৰি ষষ্ঠ পৰ্যায়ত আছে অসম । অসমৰ লগতে ষষ্ঠ পৰ্যায়ত থকা আনকেইখন ৰাজ্য হৈছে বিহাৰ, মধ্য প্ৰদেশ আৰু মিজোৰাম । অসমতকৈ অধিক পাৰদৰ্শিতা প্রদর্শন কৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন হৈছে মণিপুৰ, ছিক্কিম আৰু ত্ৰিপুৰা । এই তালিকাত অসমৰ ওপৰত ২৮খন ৰাজ্য আছে । অসমতকৈ কম নম্বৰ লাভ কৰা ৰাজ্যকেইখন হৈছে অৰুণাচল প্ৰদেশ, চট্টিশগড়, নাগালেণ্ড, মেঘালয় আৰু লাডাখ ।

২০১৯চনৰ পৰা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে জাৰী কৰিবলৈ আৰম্ভ কৰিছে এনেধৰণৰ সূচাংক । ৰাজ্য সমূহে শিক্ষাখণ্ডত নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ কেনে পদক্ষেপ ল’ব লাগিব সেই কথা অনুধাৱন কৰিবলৈ এই সমীক্ষা হাতত লোৱা হৈছে । লগতে উন্নত মানৰ পাৰদৰ্শিতা প্রদর্শন কৰা ৰাজ্যসমূহৰ পৰা শিক্ষা খণ্ডত পিছ পৰি থকা ৰাজ্যসমূহে যাতে তথ্য আৰু সমল আহৰণ কৰিব পাৰে সেই উদ্দেশ্যও আগত ৰাখি এই সূচাংক জাৰী কৰা হয় ।
Published by:Manjumoni Borah
First published: