কন্যা সন্তান জন্ম হোৱাৰ বাবেই যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল (JMCH)ত নৱজাতকক এৰি পলাল পিতৃ-মাতৃয়ে। এটা শিক্ষিত পৰিয়ালে এই কাণ্ড কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
জানিব পৰা মতে মৰিয়নী নগৰ ১ নং ৱাৰ্ডৰ জয়মতী নগৰৰ বাসিন্দা গণেশ মালাকাৰৰ পত্নীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত এসপ্তাহ পূৰ্বে এটি কন্যা সন্তান জন্ম দিয়ে ৷ আনহাতে কন্যা সন্তানটি জণ্ডিচ ৰোগত আক্ৰান্ত হোৱাত চিকিৎসালয়ৰ আইচিউত ভৰ্তী কৰিবলগীয়া হয়।
কিন্তু যোৱা শনিবাৰে পুৱতি নিশা চিকিৎসাধীন শিশুটিক দুগ্ধ পান কৰাবৰ বাবে চিকিৎসাকৰ্মীয়ে মাতৃক মাতিব আহে যদিও শিশুটিৰ মাতৃ-পিতৃ চিকিৎসালয়ৰ পৰাই অন্তৰ্ধান হয়। এই ঘটনাই চিকিৎসালয়ৰ কৰ্মীসকলৰ মাজত হুৱাদুৱাৰ সৃষ্টি কৰে।
JMCHৰ প্ৰসুতি বিভাগৰ পৰা এই বিষয়ে স্থানীয় আশাকৰ্মীগৰাকীৰ লগত যোগাযোগ কৰাত শিশুটিৰ পিতৃ-মাতৃ নিজ গৃহত থকা বুলি জানিব পাৰে। উল্লেখ্য পিতৃ-মাতৃহালে স্থানীয় লোকক তেওঁলোকৰ মৃত কন্যা সন্তান জন্ম হোৱা বুলি কোৱাৰ অভিযোগ স্থানীয় লোকৰ। ইতিমধ্যে এটি কন্যা সন্তান থকা বাবেই পুনৰ কন্যা সন্তান জন্ম হোৱাত কন্যা শিশুটি চিকিৎসালয়তে এৰি আহি ওচৰ চুবুৰীয়াক মৃত কন্যা সন্তান জন্ম হোৱা বুলি মিছা প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।
এইপিনে JMCHৰ প্ৰসূতি বিভাগৰ তৎপৰতাত কন্যা সন্তানটিৰ কাষত পিতৃ-মাতৃ উপস্থিত হ'বলৈ বাধ্য হয়। শিশুটি বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ শিশুবিভাগৰ আইচিউ (ICU)ত চিকিৎসাধীন হৈ আছে।
কন্যা সন্তান জন্ম হোৱাৰ বাবেই শিক্ষিত পৰিয়ালৰ এহাল দম্পতীয়ে অবহেলা কৰি চিকিৎসালয়ত এৰি অহা এই ঘটনাই চিকিৎসা মহাবিদ্যালয় খনৰ লগতে মৰিয়নিটো তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰছে। অভিযুক্ত দম্পতীক উচিত শাস্তি প্ৰদানৰো দাবী উত্থাপন কৰিছে স্থানীয় লোকে।
Published by: Manjumoni Borah
FIRST PUBLISHED : May 17, 2021, 15:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।