মুখ্যপৃষ্ঠা »খবৰ »অসম »সুদূৰ মেক্সিকোত অৰণ্য গঢ়িবলৈ যাব অসমৰ যাদৱ পায়েং, অসমৰ পৰা লগত লৈ যাব তামোল আৰু নাৰিকলৰ পুলি

সুদূৰ মেক্সিকোত অৰণ্য গঢ়িবলৈ যাব অসমৰ যাদৱ পায়েং, অসমৰ পৰা লগত লৈ যাব তামোল আৰু নাৰিকলৰ পুলি

বিশ্বৰ বিভিন্ন দেশত এনেদৰে পৰিৱেশ ৰক্ষাৰ প্ৰতি সচেতনতাৰ সৃষ্টি হোৱাত সন্তুষ্টি ব্যক্ত কৰিছে যাদৱ পায়েঙে।

বিশ্বৰ বিভিন্ন দেশত এনেদৰে পৰিৱেশ ৰক্ষাৰ প্ৰতি সচেতনতাৰ সৃষ্টি হোৱাত সন্তুষ্টি ব্যক্ত কৰিছে যাদৱ পায়েঙে।

বিশ্বৰ বিভিন্ন দেশত এনেদৰে পৰিৱেশ ৰক্ষাৰ প্ৰতি সচেতনতাৰ সৃষ্টি হোৱাত সন্তুষ্টি ব্যক্ত কৰিছে যাদৱ পায়েঙে।

  • Share this:
অসমৰ এগৰাকী ব্যক্তিয়ে ১০ বছৰৰ বাবে ভিছা লাভ কৰিছে সুদূৰ মেক্সিকোৰ। এক বৃহৎ প্ৰকল্প দেশখনৰ প্ৰাকৃতিক ক্ষেত্ৰখনত ৰূপায়ণৰ বাবে চৰকাৰে চুক্তি কৰিছে অসমৰ বিশেষ লোকজনৰ সৈতে। বছৰি তিনি মাহকৈ মেক্সিকোত থাকি অৰণ্য গঢ়াত সহায় কৰিব লাগিব এই লোকজনে! আপুনি ভবাৰ দৰেই এই লোকজন হল অসমৰ অৰণ্যমানৱ যাদৱ পায়েং।

অসমৰ যাদৱ পায়েঙক দক্ষিণ আমেৰিকাৰ মেক্সিকো চৰকাৰে সন্মান জনাই প্ৰদান কৰিছে ১০ বছৰৰ ভিছা। পায়েঙৰ সৈতে মেক্সিকোৰ চৰকাৰে কৰিছে এক বিশেষ চুক্তি। পদ্মশ্ৰী যাদৱ পায়েঙক দেশখনত প্ৰতি বছৰে তিনি মাহ থকাকৈ দহ বছৰলৈ মেক্সিকোলৈ আমন্ত্ৰণ জনাইছে দেশখনৰ চৰকাৰে। কাৰণ দেশখনত চৰকাৰে আঠ লাখ হেক্টৰ মাটি লৈছে গছপুলি ৰোপণ কৰিবলৈ।

বৰ্ষাকাল আৰম্ভ হোৱাৰ লগে লগে মেক্সিকোলৈ গৈ উক্ত বৃহৎ পৰিসৰৰ মাটিত বৃক্ষ ৰোপণৰ তদাৰক কৰিব লাগিব যাদৱ পায়েঙে। দৈনিক এক লাখ ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীয়ে যাদৱ পায়েঙৰ সৈতে বৃক্ষ ৰোপণৰ কামত অংশ গ্ৰহণ কৰিব। মেক্সিকোত বাৰিষা আৰম্ভ হয় ছেপ্টেম্বৰ মাহত। চেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈকে মেক্সিকোত থাকি প্ৰতি বছৰে এই আঠ লাখ হেক্টৰৰ বৃহৎ এলেকাৰ মাটিত বৃক্ষ ৰোপণ কৰিব যাদৱ পায়েঙে। সাত সাগৰ তেৰ নদীৰ সিপাৰৰ এখন দেশত প্ৰকৃতিৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে উৎফুল্লিত কৰি তুলিছে যাদৱ পায়েঙক।

"উন্নত দেশসমূহে বৰ্তমান প্ৰকৃতিৰ মূল্য বুজি উঠিছে। এক বৃহৎ এলেকাত এনেদৰে গ্ৰহণ কৰা দহ বছৰ যোৰা বৃক্ষৰোপণ কাৰ্যৰে পৃথিৱীখন সেউজ কৰাৰ এই প্ৰচেষ্টা ধন্যবাদৰ পাত্ৰ। চৰকাৰে গ্ৰহণ কৰা আঠ লাখ হেক্টৰ মাটিত দিনে এক লাখ লৰা-ছোৱালীৰ লগত মই গছপুলি ৰুব লাগিব।", অৰণ্য মানৱ যাদৱ পায়েঙে এনেদৰে কয়।

বিশ্বৰ বিভিন্ন দেশত এনেদৰে পৰিৱেশ ৰক্ষাৰ প্ৰতি সচেতনতাৰ সৃষ্টি হোৱাত সন্তুষ্টি ব্যক্ত কৰিছে যাদৱ পায়েঙে। মেক্সিকোত দেশখনৰ জলবায়ুৰ সৈতে খাপ খোৱা সেই অঞ্চলৰে বিভিন্ন প্ৰজাতিৰ গছ ৰুব বুলি জানিবলৈ দিছে পায়েঙে। কিন্তু বিদেশত গছপুলি ৰোপণৰ এই বৃহৎ প্ৰকল্পৰ তদাৰক কৰিবলৈ যাওঁতে মেক্সিকোত ৰুবৰ বাবে অসমৰ পৰা দুটা বিশেষ পুলি লৈ যাব পায়েঙে। যাদৱ পায়েঙে মেক্সিকোত ৰুবৰ বাবে অসমৰ পৰা লৈ যাব এটা তামোল পুলি আৰু এটা নাৰিকলৰ পুলি।

মেক্সিকোৰ দৰে দেশত পৰিৱেশ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা এনে বৃহৎ পদক্ষেপৰ বিপৰীতে ভাৰততো বিভিন্ন ঠাইত এনেদৰে বৃক্ষ ৰোপণৰ বহু সুবিধা লুকাই আছে বুলি মত প্ৰকাশ কৰিছে পায়েঙে। ইয়াৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সদিচ্ছাৰ প্ৰয়োজন বুলি মত ব্যক্ত কৰে বিশিষ্ট প্ৰকৃতিবিদগৰাকীয়ে।

শেহতীয়া বাতৰি