শিৱসাগৰৰ প্ৰধানমন্ত্ৰীৰ জনসভাৰ চাউণ্ড চিষ্টেমৰ বিসংগতি, অসম চৰকাৰে গঠন কৰিলে তিনিজনীয়া তদন্ত কমিটী

News18 Assam | News18-Assam
Updated:February 3, 2021, 3:15 PM IST
শিৱসাগৰৰ প্ৰধানমন্ত্ৰীৰ জনসভাৰ চাউণ্ড চিষ্টেমৰ বিসংগতি, অসম চৰকাৰে গঠন কৰিলে তিনিজনীয়া তদন্ত কমিটী
যোৱা ২৩ ফেব্ৰুৱাৰীত শিৱসাগৰত অনুষ্ঠিত হৈছিল প্ৰধানমন্ত্ৰীৰ জনসভা। কিন্তু প্ৰধানমন্ত্ৰীয়ে ভাষণ দিবলৈ আৰম্ভ কৰোতেই চাউণ্ড চিষ্টেমে ব্যাপক সমস্যাৰ সৃষ্টি কৰিছিল।

যোৱা ২৩ ফেব্ৰুৱাৰীত শিৱসাগৰত অনুষ্ঠিত হৈছিল প্ৰধানমন্ত্ৰীৰ জনসভা। কিন্তু প্ৰধানমন্ত্ৰীয়ে ভাষণ দিবলৈ আৰম্ভ কৰোতেই চাউণ্ড চিষ্টেমে ব্যাপক সমস্যাৰ সৃষ্টি কৰিছিল।

  • Share this:
যোৱা ২৩ ফেব্ৰুৱাৰীত শিৱসাগৰত অনুষ্ঠিত হৈছিল প্ৰধানমন্ত্ৰীৰ জনসভা। কিন্তু প্ৰধানমন্ত্ৰীয়ে ভাষণ দিবলৈ আৰম্ভ কৰোতেই চাউণ্ড চিষ্টেমে ব্যাপক সমস্যাৰ সৃষ্টি কৰিছিল। আনকি বিসংগতি দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণৰ মাজতে ক'বলগীয়া হৈছিল। এই ঘটনাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

চাউণ্ড চিষ্টেমৰ বিসংগতিৰ কাৰণ বিশ্লেষণ কৰিবলৈ এতিয়া ৰাজ্য চৰকাৰে গঠন কৰিছে এখন তিনিজনীয়া তদন্ত কমিটী। ক্ৰীড়া আৰু যুৱ কল্যানৰ আয়ুক্ত সচিব মলয় বৰাৰ নেতৃত্বত গঠন কৰা হৈছে এই তদন্ত কমিটী।

'কমিটীয়ে জেৰেঙা পথাৰত অনুষ্ঠিত জনসভাৰ সময়ত হোৱা যান্ত্ৰিক বিজুতিৰ সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা কৰিব। কিয় এনে অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হ'বলগীয়া হ'ল, আঁৰৰ কাৰণ কি হ'ব পাৰে?  সকলো দিশ পৰীক্ষা কৰি প্ৰতিবেদন দাখকিল কৰিব।'- ৰাজ্য চৰকাৰৰ ফালৰ পৰা এনেদৰে কোৱা হৈছে।
Published by: Himangshu Bhuyan
First published: February 3, 2021, 3:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি