ৰঙিয়াৰ কানিকুছিৰ কিশোৰ কলিতা আৰু মঞ্জু বালা দাস আহত। মঞ্জু বালা দাসক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ।
ৰঙিয়াৰ কানিকুছিৰ কিশোৰ কলিতা আৰু মঞ্জু বালা দাস আহত। মঞ্জু বালা দাসক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ।
ৰঙিয়া ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত ভয়ংকৰ দুৰ্ঘটনা । ছুইফট ডিজায়াৰ আৰু পালছাৰ বাইকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছে তিনিজন লোক । বাইক আৰোহী যুৱক আৰু মহিলা আৰোহীগৰাকীৰ লগতে ছুইফট ডিজায়াখনৰ চালকজন গুৰুতৰভাৱে আহত হৈছে ।
নলবাৰী অভিমুখী AS-01-EB-4597 নম্বৰৰ ছুইফট ডিজায়াৰ আৰু বিপৰীত দিশৰ পৰা যোৱা AS-01-BB-9630 নম্বৰৰ পালছাৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয় । যাৰ ফলত বাইক চালক যুৱকজনৰ লগতে বাইক আৰোহী মহিলাগৰাকী আৰু ছুইফট ডিজায়াৰৰ চালকজন আহত হয়।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাইক আৰোহী ৰঙিয়াৰ কানিকুছিৰ কিশোৰ কলিতা আৰু মঞ্জু বালা দাস আৰু ছুইফট ডিজায়াৰৰ চালকজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ।
পাছত সংকটজনক অৱস্থাত মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। বাইক আৰোহী যুৱকজনে ভুল পথেৰে যোৱাৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি ৰাইজে জানিবলৈ দিয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|