• Home
  • »
  • News
  • »
  • assam
  • »
  • 'চেলেঞ্জ কৰি লাভ নাই! ১ লাখ চাকৰি হ'বই, ১০ মে'ৰ পৰা ১০ জুনলৈ কৰ্মযজ্ঞ আমি পাতিম'- বিধানসভাত মুখ্যমন্ত্ৰী

'চেলেঞ্জ কৰি লাভ নাই! ১ লাখ চাকৰি হ'বই, ১০ মে'ৰ পৰা ১০ জুনলৈ কৰ্মযজ্ঞ আমি পাতিম'- বিধানসভাত মুখ্যমন্ত্ৰী

 মঙলবাৰে এনেদৰে ১ লাখ চাকৰি প্ৰদানৰ ক্ষেত্ৰত পুনৰ এবাৰ নিজৰ স্থিতি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মঙলবাৰে এনেদৰে ১ লাখ চাকৰি প্ৰদানৰ ক্ষেত্ৰত পুনৰ এবাৰ নিজৰ স্থিতি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মঙলবাৰে এনেদৰে ১ লাখ চাকৰি প্ৰদানৰ ক্ষেত্ৰত পুনৰ এবাৰ নিজৰ স্থিতি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
'এক লাখ নিযুক্তি হ'বই। মই কৈছো এক লাখৰ এটাও কম নহয় ৷ এইক্ষেত্ৰত চেলেঞ্জ কৰি লাভ নাই। গ'ল খাই যাব ৷ মোক চেলেঞ্জহে কৰিব লাগে যে, এক লাখ কিয়, দুই লাখ দিয়ক, দুই লাখ কিয় পাঁচ লাখ দিয়ক বুলি ৷'- মঙলবাৰে এনেদৰে ১ লাখ চাকৰি প্ৰদানৰ ক্ষেত্ৰত পুনৰ এবাৰ নিজৰ স্থিতি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, '১০ মে'ৰ পৰা ১০ জুনলৈ কৰ্মযজ্ঞ আমি পাতিম ৷ এক লাখ জুনত নহ'লেও মই জুলাই নিযুক্তি দি শেষ কৰিম ৷ আৰক্ষী, স্বাস্থ্য আদি বিভাগত নিযুক্তি পৰীক্ষা হ'ব আৰু নিযুক্তিও হৈ থাকিব ৷'

উল্লেখ্য যে, সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ অধিৱেশনতো এই প্ৰসংগ ব্যাপক ৰূপত চৰ্চিত হৈছে। বিৰোধীয়ে ইয়াকে লৈ থকা-সৰকা কৰিছে শাসকীয় পক্ষক। মঙলবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ১ লাখ চাকৰিৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া আগবঢ়ায়। শইকীয়াই কয় যে, '১ লাখ নিযুক্তি সন্দৰ্ভত আজি প্ৰশ্ন সুধিছিলো। মোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অপৰাগ হ'ল চৰকাৰ। বিভাগৰ হাতত তথ্য নাই বুলি উল্লেখ কৰিছিলো। এই চৰকাৰে যোৱা ৬ বছৰে ১ লাখ ৭ হাজাৰ ৪৯টা পদ খালী কৰি ৰাখিছে।'
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি