உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Srimanta Sankardev : আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি, পুৱাৰ পৰাই নামঘৰে নামঘৰে জগতগুৰুৰ বন্দনাৰে মুখৰিত ৰাজ্য

    Srimanta Sankardev : আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি, পুৱাৰ পৰাই নামঘৰে নামঘৰে জগতগুৰুৰ বন্দনাৰে মুখৰিত ৰাজ্য

    উচ্চ-নীচ আৰু ভেদাভেদৰ পাহাৰ ভাঙি সম্প্ৰীতিৰ সাঁকো গঢ়া জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ (Mahapurush Srimanta Sankardev)ৰ আজি ৪৫৩ সংখ্যক তিথিত ৰাজ্যৰ সত্ৰ-নামঘৰ মুখৰিত হৈছে শংকৰদেৱৰ বন্দনাৰে।

    • Share this:
    আজি জাতিৰ জনক জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ (Srimanta Sankardev)ৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি। কৃষ্ণ সংস্কৃতিৰ জড়িয়তে বিজ্ঞান সন্মত  সমাজৰ গুৰি ধৰোতা গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই ৰাজ্যৰ নামঘৰে নামঘৰে পুৱাৰে চলিছে গুৰুজনাৰ বন্দনা।

    সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটৰ  ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰটো পুৱাৰ পৰাই গুৰুজনাৰ তিথিত আয়োজন কৰা হৈছে নাম-কীৰ্তন। পুৱাৰ পৰাই ঢেকীয়াখোৱা বৰনামঘৰত উঠিছে খোল-তাল, ডবা-শংখৰ ধ্বনি। চাৰি প্ৰসংগৰে গুজনাক সুঁৱৰিছে ভকতসকলে।

    যোৰহাটৰ লগতে নগাঁৱৰ বটদ্ৰৱা থান, বৰপেটা সত্ৰ, পাটবাউসী সত্ৰকে ধৰি অসমৰ সকলো সত্ৰ নামঘৰ আদিত আজি জগতগুৰু শংকৰদেৱৰ স্মৰণত আয়োজন কৰা হৈছে নাম-প্ৰসংগৰ।

    একাধাৰে কবি, গীতিকাৰ, নাট্যকাৰ, চিত্ৰকৰ, সমাজ সংগঠক শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজখনক এক বৈজ্ঞানিক মনস্কতাৰে বান্ধি থৈ যোৱাৰ প্ৰয়াস কৰিছিল। বৰগীতৰ পৰা আৰম্ভ কৰি অংকীয়া ভাওনালৈ সকলো প্ৰকাৰে অসমৰ ৰাইজক একেখন ছালিৰ তললৈ আনিবলৈ সক্ষম হৈছিল মহাপুৰুষ শংকৰদেৱ। উচ্চ-নীচ আৰু ভেদাভেদৰ পাহাৰ ভাঙি সম্প্ৰীতিৰ সাঁকো গঢ়া গুৰুজনাৰ আজি ৪৫৩ সংখ্যক তিৰোভাৱ তিথিত তেওঁৰেই সৃষ্টিৰাজিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ অসম।
    Published by:Manjumoni Borah
    First published: