• Home
  • »
  • News
  • »
  • assam
  • »
  • বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত অভূতপূৰ্ব সফলতা মানস ৰাষ্ট্ৰীয় উদ্যানৰ। বাঢ়িছে ঢেকীয়াপতীয়া বাঘৰ সংখ্যা।

বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত অভূতপূৰ্ব সফলতা মানস ৰাষ্ট্ৰীয় উদ্যানৰ। বাঢ়িছে ঢেকীয়াপতীয়া বাঘৰ সংখ্যা।

মানসত এতিয়া আছে ৪৫টা ঢেকীয়াপতীয়া বাঘ।এবছৰত বাঢ়িল ১৫টা বাঘ।

মানসত এতিয়া আছে ৪৫টা ঢেকীয়াপতীয়া বাঘ।এবছৰত বাঢ়িল ১৫টা বাঘ।

মানসত এতিয়া আছে ৪৫টা ঢেকীয়াপতীয়া বাঘ।এবছৰত বাঢ়িল ১৫টা বাঘ।

  • Share this:
ৰাজ্যৰ বন্য প্ৰেমীসকলৰ বাবে সুখবৰ আনিছে মানস ৰাষ্ট্ৰীয় উদ্যানে ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ সকলো জীৱ-জন্তুৰ সংখ্যা আশানুৰূপধৰণে বৃদ্ধিৰ সমান্তৰালকৈ অভাবনীয় হাৰত বাঢ়িছে অৰ্থাৎ ঢেকীয়াপতীয়া বাঘৰ সংখ্যা।

উল্লেখ্য যে বিগত বৰ্ষত কোৰোণা সংক্ৰমণৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখন প্ৰায় সাতমাহ বন্ধ থকাৰ পিছত যোৱা বছৰৰ ২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল। কিন্তু  কোৰোণাৰ দ্বিতীয় লহৰৰ বাবে ৫মে'ৰ পৰা উদ্যানখন পৰ্যটকৰ বাবে পুনৰ বন্ধ কৰি দিয়া হয়। পৰ্যটকসকলৰ অহা-যোৱা সম্পূৰ্ণৰূপে বন্ধ থকাত উদ্যানখনত জীৱ-জন্তুৰ বংশ বৃদ্ধিৰ ক্ষেত্ৰত অনুকুল প্ৰভাৱ পৰা বুলি অনুমান কৰা হৈছে।

উদ্যানখনৰ সঞ্চালক অমল কুমাৰ শৰ্মাই জানিবলৈ দিয়া মতে উদ্যানখনত ঢেকীয়াপতীয়া বাঘৰ গণনাৰ অন্তত বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানখনত পোৱালিকে ধৰি ৪৫টা ঢেকীয়াপতীয়া বাঘ থকাটো নিশ্চিত।

২০১০ বৰ্ষৰ গণনাত মানসত ১০টা ঢেকীয়াপতীয়া বাঘ পোৱা গৈছিল ৷ নিয়ম অনুসৰি ১০ বছৰৰ মূৰত এই সংখ্যা ২০ হ'ব লাগিছিল যদিও ২০১৯-২০ বৰ্ষৰ গণনাত তিনিগুণ অৰ্থাৎ ৩০টালৈ বৃদ্ধি পাইছে । আনহাতে সঞ্চালকগৰাকীয়ে জনোৱা মতে ২০২০ৰ পিছত প্ৰায় এটা বছৰৰ ব্যৱধানত ১৫টা পোৱালিৰে সৈতে ঢেকীয়াপতীয়া বাঘৰ সংখ্যা মুঠ ৪৫টালৈ বৃদ্ধি পালে।

সেইদৰে উদ্যানখনৰ 'মানস ফাৰ্ষ্ট এডিচন' হিচাপে চিহ্নিত এলেকাত ৫টা আৰু বৰনদী বন্য প্ৰাণী এলেকাতো এটা বাঘৰ উপস্থিতিৰ সম্ভেদ পোৱা গৈছে ৷

বাঘৰ সংখ্যা এনেদৰে বৃদ্ধি পোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয়  সংস্থা 'গ্লোবেল টাইগাৰ ফ'ৰাম' (Global Tiger Forum)এ যুটীয়াভাবে মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ভূটানৰ ৰাষ্ট্ৰীয় উদ্যান 'ৰয়েল মানস' (Royal Manas)লৈ সন্মানীয় 'কনজাৰভেশ্যন এক্সিলেঞ্চ এৱাৰ্ড (Conservation Excelence Award)-২০২০' আগবাঢ়াইছিল।
Published by:Manjumoni Borah
First published: