বহু প্ৰতীক্ষাৰ অন্ত পেলাই প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। ১০ বজাত NRC কৰ্তৃপক্ষই প্ৰকাশ কৰিলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। চূড়ান্ত NRCত অন্তৰ্ভুক্ত হ’ল ৩,১১,২১,০০৪ জন লোকৰ নাম। তাৰ বিপৰীতে বাদ পৰিল ১৯,০৬,৬৫৭জন লোক। মুঠ আবেদনকাৰী আছিল ৩,৩০,২৭,৬৬১ জন।
২০১৫ চনৰ মে’ মাহৰ পৰা আৰম্ভ হৈছিল NRCৰ আবেদন পত্ৰ গ্ৰহণৰ কাম। ৰাজ্য চৰকাৰৰ ৫২ হাজাৰ বিষয়া–কৰ্মচাৰী নিয়োগ কৰা হৈছিল NRCৰ প্ৰক্ৰিয়াত। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি যোগ্যতাৰ ভিত্তিত ২,৮৯,৮৩,৬৭৭ জনৰ নাম অন্তৰ্ভুক্তিৰে ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশ কৰা হৈছিল সম্পূৰ্ণ খচৰা এন আৰ চি। তাৰ পিছত বাদ পৰা আবেদনকাৰীৰ বিপৰীতে মুঠ ৩৬,২৬,৬৩০জন লোকে দাবী পত্ৰ দাখিল কৰিছিল। সম্পূৰ্ণ খচৰা এন আৰ চিত ১,৮৭,৬৩৩ জন আবেদনকাৰীৰ নাম অন্তৰ্ভুক্তিৰ বিৰুদ্ধে আপত্তি লাভ কৰা হৈছিল। অন্তৰ্ভুক্তিৰ অযোগ্য বিবেচিত ১,০২,৪৬২জন লোকৰ নাম সন্নিৱিষ্ট আন এখন অতিৰিক্ত খচৰা বাদ পৰা তালিকা ২০১৯ৰ ২৬ জুনত প্ৰকাশ কৰা হৈছিল।
চূড়ান্ত NRC জনসাধাৰণে চোৱাৰ বাবে NRC সেৱা কেন্দ্ৰ, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় তথা জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপলব্ধ হ’ব। অন্তৰ্ভুক্তি আৰু বাদ পৰা লোকসকলৰ স্থিতি NRCৰ ৱেবছাইট www.nrcassam.nic.inত উপলব্ধ হ’ব।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ
YouTube ,
Facebook আৰু
Twitter ত আমাক ফল’ কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|