অপেক্ষা মাত্ৰ কেইটামান মুহূৰ্তৰ, NRCত নাম নাহিলেও শংকিত হোৱাৰ কাৰণ নাই

News18-Assam
Updated:August 30, 2019, 5:24 PM IST
অপেক্ষা মাত্ৰ কেইটামান মুহূৰ্তৰ, NRCত নাম নাহিলেও শংকিত হোৱাৰ কাৰণ নাই
Source-Google

কাইলৈ প্ৰকাশ পাব অসমীয়া খিলঞ্জীয়াৰ ৰক্ষাকৱচ বুলি অভিহিত কৰা বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। NRC প্ৰকাশকলৈ এতিয়া ৰাজ্যৰ চৌদিশে উৎকণ্ঠা! একাংশই চিন্তা কৰিছে, নাগৰিক পঞ্জীত নাম সন্নিৱিষ্ট নহ’লে কি হ’ব তেওঁলোকৰ কৰণীয়?

  • Share this:
কাইলৈ প্ৰকাশ পাব অসমীয়া খিলঞ্জীয়াৰ ৰক্ষাকৱচ বুলি অভিহিত কৰা বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। NRC প্ৰকাশকলৈ এতিয়া ৰাজ্যৰ চৌদিশে উৎকণ্ঠা! একাংশই চিন্তা কৰিছে, নাগৰিক পঞ্জীত নাম সন্নিৱিষ্ট নহ’লে কি হ’ব তেওঁলোকৰ কৰণীয়?

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে ৰাজ্য প্ৰশাসনক দিছে কঠোৰ নিৰ্দেশনা যাতে কাইলৈ দিনটোত কোনো কাৰণতে বিঘ্নিত নহয় ৰাজ্যৰ শান্তি শৃংখলা।

নাগৰিক পঞ্জীৰ পূৰ্ণাংগ খচৰা প্ৰকাশ পাইছিল ২০১৮ চনৰ ৩০ জুলাইত।

NRC ৰ চূড়ান্ত খচৰাত অন্তৰ্ভূক্ত হৈছিল ৩.২৯ কোটি লোকৰ নাম। সেইদৰে বাদ পৰিছিল ৪০,০৭,৭০৭ লোকৰ নাম।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পাবলৈ মাজত মাথোঁ কেইটামান মুহূৰ্ত বাকী। NRC প্ৰকাশৰ দিনটোত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ তথা প্ৰশাসন।
২৩ আগষ্ট তাৰিখে ইতিমধ্যে ৰাজ্যৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত NRC প্ৰকাশৰ দিনা কোনোৱে যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে বা সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰে তেন্তে তেনে লোকক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

জনসাধাৰণে চূডান্ত NRC ত নিজৰ নাম চাব পাৰিব, যদিহে

১.  চূড়ান্ত খচৰাত নাম সন্নিৱিষ্ট নোহোৱা সকলে পুনৰ আৱেদন কৰিছিল।

২.  নাম অন্তৰ্ভুক্তি নোহোৱাত অভিযোগ দাখিল কৰা হৈছিল।

৩. যোৱা ৫ জুলাই ২০১৯ ৰ পৰা নাম অন্তৰ্ভুক্ত নোহোৱা সকলক শুনানিৰ বাবে মতা হৈছিল।

 

যিসকলৰ নাম চূড়ান্ত NRC ত সন্নিৱিষ্ট আছে আৰু তেওঁলোকে আৱেদন পত্ৰৰ স্থিতি পৰীক্ষা কৰিব নোৱাৰিব, যদিহে

১. চূড়ান্ত খচৰাত নাম সন্নিৱিষ্ট আছিল

২. কোনোধৰণৰ শুনানিৰ কাৰণে মতা হোৱা নাছিল।

চূড়ান্ত তালিকাত কিদৰে চাব নাম

OFFLINE-

১. যিসকলে NRC ত নিজৰ নাম অফ লাইনত চাব বিচাৰে, তেওঁলোকে NRC ৰ সেৱা কেন্দ্ৰ অথবা চাৰ্কল অফিচাৰৰ   কাৰ্যালয় অথবা জিলা উপায়ুক্ত কাৰ্যালয়ত চাব পাৰিব। কাইলৈ দিনৰ ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে চাব পাৰিব নিজৰ নাম।

ONLINE

১. www.nrcassam.nic.in বা www.assam.mygov.in ৱেৱচাইটত লগ ইন কৰক।

২.  "Supplementary Inclusions/Exclusions Lists (Final NRC) status"– এই লিংকটো ক্লিক কৰক।

৩. ARN নম্বৰ টাইপ কৰি নিজৰ নাম চূড়ান্ত তালিকাত আছে নে নাই চাব পাৰিব।

অহা ৭ চেপ্তেম্বৰৰ পিছত সকলো NRC আৱেদনকাৰীৰ স্থিতি অনলাইনত উপলব্ধ হ’ব।

পূৰ্ণাংগ NRC প্ৰকাশৰ তিনিদিন আগত ৰাজ্য চৰকাৰে , তালিকাত অন্তৰ্ভুক্ত নোহোৱা সকলৰ বাবে বিনামূলীয়া এক আইনী সহায় আগবঢ়োৱাৰ কথা উল্লেখ কৰে। উল্লেখ্য যে , NRC ত নাম অন্তভুক্ত নহ’লেও প্ৰকৃত ভাৰতীয়ই চিন্তা কৰাৰ কোনো কাৰণ নাই বুলি ইতিমধ্যেই আশ্বাস দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

 
First published: August 30, 2019, 4:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading