Assam NRC: বেমেজালি দূৰ কৰাৰ প্ৰথম পদক্ষেপ! শীঘ্ৰেই এইসকল ‘অযোগ্য ব্যক্তি’ৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা হ’ব কৰ্তন

News18 Assam | News18-Assam
Updated:October 14, 2020, 9:21 PM IST
Assam NRC: বেমেজালি দূৰ কৰাৰ প্ৰথম পদক্ষেপ! শীঘ্ৰেই এইসকল ‘অযোগ্য ব্যক্তি’ৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা হ’ব কৰ্তন
উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত সম্পন্ন কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বিগত বৰ্ষৰ আগষ্ট মাহত প্ৰকাশ পাইছিল। এই তালিকাত বাদ পৰিছিল চাৰে তিনি কোটি আৱেদনকাৰীৰ ভিতৰত ১৯লাখ ব্যক্তিৰ নাম।

উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত সম্পন্ন কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বিগত বৰ্ষৰ আগষ্ট মাহত প্ৰকাশ পাইছিল। এই তালিকাত বাদ পৰিছিল চাৰে তিনি কোটি আৱেদনকাৰীৰ ভিতৰত ১৯লাখ ব্যক্তিৰ নাম।

  • Share this:
এনআৰচি প্ৰকাশ পোৱাৰ এটা বছৰৰো অধিক কালৰ পিছত তালিকাৰ পৰা বাদ দিবলৈ লোৱা হৈছে দহ সহস্ৰাধিক লোকক। নাগৰিকপঞ্জীৰ পৰা প্রায় ১০ হাজাৰ লোকৰ নাম বাদ পৰিব। তেওঁলোকৰ বংশধৰ সকলৰ নামো বাদ পৰিব। এনআৰচিৰ সমন্বয়ক হিতেশ দেৱশৰ্মাই ইতিমধ্যে জিলা উপায়ুক্তসমূহলৈ জাৰি কৰা এক নিৰ্দেশনামাত এই কথা সদৰি কৰা হৈছে। তেওঁ ডেপুটি কমিচনাৰ তথা জিলা ৰেজিষ্ট্ৰাৰ অৱ চিটিজেন ৰেজিষ্ট্ৰেশ্যনক জনাই দিছে যাতে এই সন্দৰ্ভত মৌখিক আদেশ জাৰি কৰা হয়। এইসমূহ নাম বাদ দিবলৈ কোৱা হৈছে।

কাৰ কাৰ নাম বাদ পৰিব?

তেওঁ জনায় যে, DF (declared foreigners)/DV ('D' voters)/PFT (pending in Foreigners Tribunals), এই তিনি প্ৰকাৰৰ বহু লোকে এনআৰচিৰ তালিকাত স্থান লাভ কৰিছিল। ব্যাপক বেমেজালিৰে অন্তৰ্ভুক্ত হোৱা এইসকল লোকৰ নাম বাদ দিব লাগিব। এইক্ষেত্ৰত তেওঁ উল্লেখ কৰিছে যে প্ৰশাসনে চূড়ান্ত এনআৰচিৰ তালিকা প্ৰকাশৰ আগত যিকোনো সময়ত উপযুক্ত নথি বা প্ৰমাণৰ ভিত্তিত নাম বাদ দিয়া বা অন্তৰ্ভুক্ত কৰিব পাৰে। যোৱাবছৰ আগষ্ট মাহত অসমৰ চূড়ান্ত এনআৰচি প্ৰকাশ পাইছিল কিন্তু ৰেজিষ্টাৰ জেনেৰেল অৱ ইণ্ডিয়াই এতিয়াও সেই এনআৰচিক মান্যতা প্ৰদান কৰা নাই আৰু তাৰ ফলত সেই তালিকা এতিয়াও আইন হোৱা নাই।

হিতেশ দেৱশর্মাই চিঠিত নির্দেশ দিছে যাতে খৰটকীয়াকৈ যিসকল লোকৰ নাম তালিকাৰ পৰা বাদ পৰিব সেইসকলৰ তালিকা যাতে চৰকাৰৰ ওচৰত জমা কৰা হয়। সেইমতে মৌখিক কথাবার্তাৰ এক নথি প্ৰস্তুত কৰি আপলোড কৰা হ’ব য’ত নাম বাদ পৰাৰ কাৰণ উল্লেখ কৰা থাকিব। তেওঁ জনায়, যাতে ভৱিষ্যতে নির্দিষ্ট ব্যক্তিৰ পৰিচয়ক লৈ কোনো বেমেজালি নহয় তাৰ কাৰণে এইক্ষেত্ৰত স্পষ্ট উল্লেখ কৰা থাকিব যে কি কৰা উচিত আৰু কি কৰা উচিত নহয়। এই নির্দেশৰ ভিত্তিতেই প্রশাসনৰ ফালৰ পৰা কোৱা হৈছে যে ১০ হাজাৰ মানুহৰ নাম ভুলকৈ এনআৰচিত সোমাইছে আৰু সেইসকলক বাদ দিব লাগে।

তাৎপৰ্যপূৰ্ণ যে তালিকাত নাম অন্তৰ্ভুক্ত হোৱা লোকসকলৰ ক্ষেত্ৰত ১০ৰ পৰা ২০শতাংশ পুনৰীক্ষণৰ দাবীত অটল ৰাজ্য চৰকাৰ। এখন শুদ্ধ নাগৰিকপঞ্জী পোৱাৰ স্বাৰ্থত এই পুনৰীক্ষণ জৰুৰী বুলি দাবী কৰিছিল এনআৰচিৰ গোচৰৰ গোচৰীয়া এপিডব্লিউয়ে।

উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত সম্পন্ন এনআৰচিক লৈ ৰাজ্য চৰকাৰে অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে দাবী কৰিছিল যে সীমান্তৱৰ্তী জিলাসমূহত ২০শতাংশ আৰু অন্য ঠাইত ১০শতাংশ পুনৰীক্ষণ হ’ব লাগে। এনআৰচিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ নামো এনআৰচিৰ বেমেজালি আৰু পৰৱৰ্তী সময়ত পোহৰলৈ অহা কেলেংকাৰীৰ ক্ষেত্ৰত  সাঙোৰ খাইছিল।

এন আৰ চিক লৈ সততে সৰৱ APWৰ সভাপতি অভিজিৎ শৰ্মাই শেহতীয়া এক কৈছিল যে, NRC জাতিৰ দলিল নহয়, বাংলাদেশীক ভাৰতীয় কৰা দলিলহে। ৮০ লাখতকৈ অধিক সন্দেহযুক্তৰ নাম সোমাইছে NRCত। কেৱল আমিয়ে আৰম্ভণিৰ পৰা ৰিভেৰিফিকেশ্যন বিচাৰি থাকিলো। APW–এ ১০টা বছৰ নষ্ট কৰিলো NRCৰ নামত। হাজেলা এণ্ড কোম্পানীৰ বাবে জাতীয় দলিল বুমেৰাং হ'ল।

‘‘RGI, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ NRCক লৈ মনোযোগৰ অভাৱ। কোৰোণাৰ বাবে যেনেদৰে বিটিচিৰ নিৰ্বাচন পিছুৱাই দিয়া হৈছে, তেনেদৰে বিধানসভাৰ নিৰ্বাচনো পিছুৱাব লাগে। বিদেশীৰ নামমুক্ত শুদ্ধ ভোটাৰ তালিকা এখন প্ৰস্তুত কৰিহে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। পূৱ পাকিস্তানৰ মানুহক OI বনাবলৈ চেষ্টা কৰিছে। ১০০% পুনৰীক্ষণ বিচাৰিছো NRCৰ।’’ – অভিজিৎ শৰ্মাই কৈছিল।
First published: October 14, 2020, 9:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading