ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অসমৰ পূৰ্বৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ।
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অসমৰ পূৰ্বৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ।
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অসমৰ পূৰ্বৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ। প্ৰতীক হাজেলাৰ বিৰুদ্ধে এই গোচৰ তৰিছে এনআৰচিৰ বৰ্তমানৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই।
এফআইআৰত উল্লেখ কৰা মতে, সন্দেহ কৰা হৈছে যে, তেতিয়াৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই বিশেষকৈ চামৰিয়া চক্ৰৰ "মূলতঃ অসমৰ বাসিন্দা" হিচাপে চিহ্নিত ৬৪,২৪৭ জনৰ ভিতৰত ৩৩,৭৯৪ জন লোকক ৰিভেৰিফিকেশ্যন কৰাৰ পৰা স্ব-ইচ্ছাৰে বিৰত আছিল।
সেইদৰে NRCত যোগ্য ব্যক্তিৰ নামত প্ৰৱেশৰ সুবিধাৰ বাবে "OI" চিহ্নিত কৰি পুনৰ প্ৰমাণীকৰণ কৰাৰ পৰা বিৰত আছিল। গতিকে এই কাৰ্যক কৰ্তব্যত অৱহেলা হিচাপে গণ্য কৰিব পাৰি। যিটোৱে এই বিষয়টোৱে ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ সম্ভাৱনা আছে।
এইএন আৰ চিৰ তদানীন্তন ৰাজ্যিক সহ-সমন্বয়ক প্ৰতীক হাজেলাৰই আৰম্ভণিৰ পৰাই ৰাষ্ট্ৰীয় সুৰক্ষা বিপদাপন্ন কৰাৰ এনেবোৰ কাম কৰি গৈছিল। গতিকে ইয়াক নিশ্চয়কৈ এক ফৌজদাবী অপৰাধ বুলি ধৰিব পাৰি। এনেদৰে বৰ্তমানৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই প্ৰতীক হাজেলাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত উল্লেখ কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|