ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে ৰাজ্যৰ বৃহৎ সংখ্যক লোক বঞ্চিত হৈ আছে আধাৰকাৰ্ডৰ পৰা ৷ আধাৰকাৰ্ড নথকা এনে লোকৰ সংখ্যা প্ৰায় ২৭লাখ ৷ এই ২৭লাখ আধাৰ বঞ্চিত লোকক আধাৰকাৰ্ড প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে লৈছে বিশেষ পদক্ষেপ ৷ এই সমস্যা দূৰীকৰণৰ বাবে ৰাজ্যৰ বহুকেইটা সংগঠনৰ সৈতে এলানী আলোচনাত মিলিত হৈছে ৰাজ্য চৰকাৰ ৷
এইখিনিতে উল্লেখ কৰিব পাৰি যে, ৰাজ্য চৰকাৰে বিসংগতিৰ বাবে এইপৰ্যন্ত গ্ৰহণ কৰা নাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ৷ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত প্ৰস্তুত কৰা NRC ৰাজ্য চৰকাৰে গ্ৰহণ নকৰিলেও NRCৰ বাবে আধাৰ বঞ্চিত লোকসকলৰ বাবে শীঘ্ৰেই ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন জনাব বুলি লোৱা সিদ্ধান্তত হয়ভৰ দিছে আলোচনাত উপস্থিত থকা সংগঠন সমূহৰ নেতৃত্বই ৷
"আধাৰকাৰ্ড নাগৰিকত্বৰ আধাৰ হ'ব নোৱাৰে ৷ ২৭ লাখ লোক আধাৰকাৰ্ডৰ পৰা বঞ্চিত হৈ আছে ৷ আসোৱাহপূৰ্ণ NRC বাতিল কৰি পুনৰীক্ষণৰ বাবে আমি SUPREME COURTত আবেদন কৰিম ৷ যদি পুনৰীক্ষণৰ পিছত আধাৰকাৰ্ড লাভ কৰা কোনো লোক বিদেশী বুলি চিহ্নিত হয় সেই সকলৰ আধাৰকাৰ্ড কৰ্তন কৰিবলৈও শপতনামাত আমি উল্লেখ কৰিম ৷", আলোচনাৰ পিছত এই মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ৷