অসমত Night Curfewৰ মাজত কি কি খোলা থাকিব? কোনে যাত্ৰা কৰিব পাৰিব? কি কি সেৱা চলি থাকিব?

News18 Assam | News18-Assam
Updated:April 27, 2021, 2:58 PM IST
অসমত Night Curfewৰ মাজত কি কি খোলা থাকিব? কোনে যাত্ৰা কৰিব পাৰিব? কি কি সেৱা চলি থাকিব?
ক'ৰোনা ভাইৰাছৰ সংক্ৰমণৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অসমত নৈশ সান্ধ্য আইন ঘোষণা কৰিলেও কিছুমান সেৱা চলি থাকিব। কি কি সেৱা বন্ধ নহয়?

ক'ৰোনা ভাইৰাছৰ সংক্ৰমণৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অসমত নৈশ সান্ধ্য আইন ঘোষণা কৰিলেও কিছুমান সেৱা চলি থাকিব। কি কি সেৱা বন্ধ নহয়?

  • Share this:
ক'ৰোনা ভাইৰাছৰ সংক্ৰমণৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অসমত নৈশ সান্ধ্য আইন ঘোষণা কৰিলেও কিছুমান সেৱা চলি থাকিব। কি কি সেৱা বন্ধ নহয়?

১. চৰকাৰৰ জৰুৰীকালীন সেৱা আৰু তাৰ সৈতে জড়িত কৰ্মচাৰীসকলে চলাচল কৰি থাকিব পাৰিব। আৰক্ষী, হোম গাৰ্ড, অগ্নি নিৰ্বাপক, পানী, বিদ্যুত, পৌৰ নিগম আদিৰ সেৱা তথা কৰ্মচাৰীসকলৰ চলাচল চলি থাকিব। অৱশ্যে সকলোৱে লগত পৰিচয় পত্ৰ ৰাখিব লাগিব।

২. পৰিচয় পত্ৰৰ সৈতে ন্যায়িক বিষয়া আৰু ক'ৰ্টৰ বিষয়াসকলে চলাচল কৰি থাকিব পাৰিব।

৩. ব্যক্তিগত খণ্ডৰ মেডিকেল সেৱাৰ ডাক্তৰ, নাৰ্ছ, কৰ্মচাৰী, ফাৰ্মাচীৰ কৰ্মচাৰীসকলকো ৰেহাই দিয়া হৈছে।

৪. গৰ্ভৱতী মহিলা আৰু ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত ৰেহাই থাকিব।

৫. টিকট দেখুৱাই বিমান বন্দৰ, ৰে'ল আৰু ISBTৰ যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব।

৬. পৰিচয় পত্ৰ লগত ৰাখি সাংবাদিকসকলে চলাচল কৰিব পাৰিব।

৭.  খাদ্য বস্তু কঢ়িওৱা বাহন চলাচল কৰি থাকিব পাৰিব।

৮. বেংক, ইঞ্চুৰেঞ্চ, ATM সেৱাৰ সৈতে জড়িতসকল যাব পাৰিব।

৯. ইণ্টাৰনেট, Cable, telecommunication, ITৰ সেৱা চলি থাকিব।

১০. ই-কমাৰ্চৰ জৰিয়তে খাদ্য, ঔষধ, চিকিৎসাৰ সামগ্ৰীৰ ডেলিভাৰী চলি থাকিব।

১১. পেট্ৰ'ল পাম্প, গেছ চিলিণ্ডাৰ, পেট্ৰ'লিয়াম গেছৰ সেৱা চলি থাকিব।

১২. উৎপাদন ক্ষেত্ৰ, শীতলীকৰণ ভঁৰাল, প্ৰাইভেট ছিকিউৰিটী সেৱা চলি থাকিব।

১৩. Covid ভেকচিন ল'বলৈ যাব পাৰিব।

১৪. খাদ্যবস্তু, ফল-মূল, পাচলি, মাছ-মাংস, গাখীৰৰ ব্যৱসায়ৰ সৈতে জড়িতসকলে চলাচল কৰিব পাৰিব।
Published by: Kokil Sarma
First published: April 27, 2021, 2:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি