মহানগৰীৰ ভগদত্তপুৰ আৰক্ষী চকীৰ বৃহৎ সফলতা। আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মাইনা দাসৰ নেতৃত্বত চলা এক অভিযানত আৰক্ষীয়ে এটা ধৃত চোৰক ধৰিবলৈ সক্ষম হয়। দীৰ্ঘদিনে কাহিলীপাৰা অঞ্চলত নিদ্ৰা হৰন কৰা চোৰ ৰাহুল বৰুৱাক গান্ধী মণ্ডৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। চুৰিৰ সমগ্ৰ দৃশ্য চিচি টিভি কেমেৰাত বন্দী হৈছিল।
উল্লেখ্য যে, আৰক্ষীয়ে ৰাহুল বৰুৱাৰ পৰা ৯ টা ৰন্ধন চিলিণ্ডাৰ, দুটা টিভি, চুৰি কাৰ্যত ব্যবহৃত AS01J2639 নম্বৰৰ অটো বাহন জব্দ কৰে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 18, 2023, 08:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।