মুখ্যপৃষ্ঠা »খবৰ »অসম »ফ্ৰান্সৰ পৰা কইনা আনিলে প্ৰাঞ্জলে, বিদেশৰ বোৱাৰী পাই গাত তৎ নাই গাঁওবাসীৰ

ফ্ৰান্সৰ পৰা কইনা আনিলে প্ৰাঞ্জলে, বিদেশৰ বোৱাৰী পাই গাত তৎ নাই গাঁওবাসীৰ

তিনিচুকীয়াৰ কাকপথাৰ কৈলাসপুৰ গাঁৱৰ নিজ ঘৰখনত প্ৰৱেশ কৰাৰ পাছতে সম্পূৰ্ণ ৰীতি–নীতি, পৰম্পৰাৰে পিতৃ–মাতৃক সেৱা জনাই দুয়ো যুগ্ম জীৱনৰ বাবে আশিস লয়৷

  • Share this:
উদুলি–মুদুলি কাকপথাৰৰ পদূলি৷ নৱবৰ্ষৰ আনন্দ উল্লাস এতিয়া দুগুণে বৃদ্ধি পাইছে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ অসম–অৰুণাচল সীমান্তৱৰ্তী এখন গাঁও কৈলাসপুৰত৷

নৱবৰ্ষৰ প্ৰথম দিনটোতে গাঁওখনলৈ আহিল সুদূৰ ফ্ৰান্সৰ বোৱাৰী। গাঁওবাসীয়ে ঢোলে দগৰে আদৰিলে ন–বোৱাৰীক৷ ফ্ৰান্সৰ বোৱাৰী অহাৰ পিছৰে পৰা ঘৰখনত এতিয়া অতিথিৰ ভিৰ৷
এগৰাকী অসমীয়া যুৱকে প্ৰেমৰ সূত্ৰে বিবাহ কৰাই আনিলে এগৰাকী ফ্ৰান্সৰ যুৱতীক৷ গাঁওখনৰ লীলাকান্ত চেতিয়া আৰু অঞ্জলী চেতিয়াৰ পুত্ৰ প্ৰাঞ্জল চেতিয়াই বিয়া কৰালে ফ্ৰান্সৰ যুৱতী জুলি ভেনহোভক৷

উল্লেখযোগ্য যে বৰ্তমান আয়াৰলেণ্ডত কৰ্মৰত প্ৰাঞ্জলে একে কৰ্মস্থলীতে প্ৰথম সাক্ষাৎ হৈছিল জুলিৰ সৈতে৷ জুলি যদিও জন্মসূত্ৰে ফ্ৰান্সিচ, কিন্তু জুলিৰ সৈতে জুলিৰ পৰিয়াল এতিয়া ইউৰোপৰ আয়াৰলেণ্ডৰ স্থায়ী বাসিন্দা৷ নিজ কৰ্মস্থলীতে প্ৰাঞ্জল আৰু জুলিৰ সাক্ষাতৰ পিছত প্ৰেম আৰু এতিয়া বিবাহ৷

তিনিচুকীয়াৰ কাকপথাৰ কৈলাসপুৰ গাঁৱৰ নিজ ঘৰখনত প্ৰৱেশ কৰাৰ পাছতে সম্পূৰ্ণ ৰীতি–নীতি, পৰম্পৰাৰে পিতৃ–মাতৃক সেৱা জনাই দুয়ো যুগ্ম জীৱনৰ বাবে আশিস লয়৷

জানিব পৰা মতে, অহা ২২ জানুৱাৰীত গাঁৱৰ নিজ ঘৰখনত বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ অহা ৬ ফেব্ৰুৱাৰী তাৰিখে দুয়ো পুনৰ আয়াৰলেণ্ডলৈ যাত্ৰা কৰিব৷

প্ৰাঞ্জলৰ মাতৃৰ লগতে প্ৰাঞ্জলৰ পৰিয়ালৰ সকলো সদস্য এতিয়া বিদেশৰ বোৱাৰী পাই সুখী৷ এটা দুটাকৈ অসমীয়া ক’বলৈও শিকিছে জুলিয়ে৷ ঘৰখনৰ লগতে গাঁওখনৰ লোকসকলক আঁকোৱালি ল’বলৈ চেষ্টা কৰিছে জুলিয়ে৷ সুদূৰ আয়াৰলেণ্ডৰ পৰা আহি অসমৰ চহা গাঁৱৰ জীৱন আঁকোৱালি লৈছে জুলিয়ে৷

অসমৰ লগতে উত্তৰ–পূবৰ লোকসকল আৰু বিশেষকৈ অসমৰ লোকসকলৰ প্ৰসংশা কৰে ন-কইনা জুলিয়ে৷ এই বিবাহে এতিয়া আয়াৰলেণ্ড, ফ্ৰান্স আৰু ভাৰতৰ লগতে অসমৰ সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে৷ চিৰ যুগমীয়া হওক প্ৰাঞ্জল আৰু জুলিৰ সম্পৰ্ক।

শেহতীয়া বাতৰি