• Home
  • »
  • News
  • »
  • assam
  • »
  • ২০২১ৰ নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনাব আঞ্চলিক গণ মৰ্চাই, মুখ্যমন্ত্ৰী হ’বলৈ সাজু অজিত ভূঞা

২০২১ৰ নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনাব আঞ্চলিক গণ মৰ্চাই, মুখ্যমন্ত্ৰী হ’বলৈ সাজু অজিত ভূঞা

২০২১ চনৰ বিধান সভা নিৰ্বাচনত শাসকীয় বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপত অৱতীৰ্ণ হবলৈ সাজু হৈছে আঞ্চিলকতাবাদী গণ মৰ্চা।

২০২১ চনৰ বিধান সভা নিৰ্বাচনত শাসকীয় বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপত অৱতীৰ্ণ হবলৈ সাজু হৈছে আঞ্চিলকতাবাদী গণ মৰ্চা।

২০২১ চনৰ বিধান সভা নিৰ্বাচনত শাসকীয় বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপত অৱতীৰ্ণ হবলৈ সাজু হৈছে আঞ্চিলকতাবাদী গণ মৰ্চা।

  • Share this:
নতুন ৰাজনৈতিক আঞ্চলিকতাবাদী শক্তি "আঞ্চলিক গণ মৰ্চাৰ" নেতৃত্বত ৰাজ্য সভাৰ সাংসদ তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা। আঞ্চলিক দল গঠনৰ এদিন পিছতেই News18ৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত প্ৰয়োজনত মুখ্যমন্ত্ৰী হবলৈ সাজু বুলি ক’লে সাংসদ অজিত কুমাৰ ভূঞাই।

২০২১ চনৰ বিধান সভা নিৰ্বাচনত শাসকীয় বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপত অৱতীৰ্ণ হবলৈ সাজু হৈছে আঞ্চিলকতাবাদী গণ মৰ্চা। অসমৰ প্ৰধান আঞ্চলিক দল অগপৰ আৰু অন্যান্য আঞ্চলিক দল সমুহৰ পৰা আঁতৰি থকা বা এলাগী হৈ থকা সকলো নেতা কৰ্মীৰ লগতে কা বিৰোধী জনসাধাৰণকলৈ গণ মৰ্চা আগবাঢ়িব বুলি কয় অজিত কুমাৰ ভূঞাই।

এইক্ষেত্ৰত আঞ্চলিক গণ মৰ্চাৰ নেতৃত্বই বিভিন্ন নেতা কৰ্মীৰ সৈতে সংযোগ আৰম্ভ কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, অগপৰ প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামী, প্ৰাক্তন মন্ত্ৰী পবিন্দ্ৰ ডেকাৰ লগতে আন বহু নেতাৰ সৈতে যোগাযোগ আৰম্ভ কৰিছে আঞ্চলিক গণ মৰ্চাই। বিজেপিক ৰোধ কৰাৰ স্বাৰ্থত  কা বিৰোধী হিচাপেই কংগ্ৰেছ আৰু এআইইউডিএফৰ লগতো আলোচনা কৰিবলৈ সাজু আছে গণ মৰ্চাৰ নেতৃত্ব।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি