মুখ্যপৃষ্ঠা »খবৰ »অসম »আৰক্ষী সকলে প্ৰথমে নিজৰ স্বাস্থ্যৰ যতন ল'ব লাগিব ! শাৰীৰিক, মানসিক অৱস্থা ভালে থাকিলে ভাল কাম কৰিব পাৰিব: জি পি সিং

আৰক্ষী সকলে প্ৰথমে নিজৰ স্বাস্থ্যৰ যতন ল'ব লাগিব ! শাৰীৰিক, মানসিক অৱস্থা ভালে থাকিলে ভাল কাম কৰিব পাৰিব: জি পি সিং

অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া, কনিষ্টবলে পাব সন্মান সহ মৰ্যাদা ৷ পিছে, অসম আৰক্ষীত সন্মান, মৰ্যাদা পাবলৈ থাকিব মাথোন এটা চৰ্ত ৷ অসমৰ প্ৰত্যকগৰাকী আৰক্ষীয়ে জনসাধাৰণক দিব লাগিব প্ৰকৃত সন্মান: জি পি সিং

অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া, কনিষ্টবলে পাব সন্মান সহ মৰ্যাদা ৷ পিছে, অসম আৰক্ষীত সন্মান, মৰ্যাদা পাবলৈ থাকিব মাথোন এটা চৰ্ত ৷ অসমৰ প্ৰত্যকগৰাকী আৰক্ষীয়ে জনসাধাৰণক দিব লাগিব প্ৰকৃত সন্মান: জি পি সিং

  • Share this:
উচিত সন্মান, মৰ্য্যদাৰ পৰা বঞ্চিত নহয় অসম আৰক্ষীৰ বিষয়াৰ পৰা কনিষ্টবল ৷ অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া, কনিষ্টবলে পাব সন্মান সহ মৰ্যাদা ৷ পিছে, অসম আৰক্ষীত সন্মান, মৰ্যাদা পাবলৈ থাকিব মাথোন এটা চৰ্ত ৷ অসমৰ প্ৰত্যকগৰাকী আৰক্ষীয়ে জনসাধাৰণক দিব লাগিব প্ৰকৃত সন্মান ৷

অসম আৰক্ষীত সঞ্চালক প্ৰধানৰূপে দায়িত্ব লৈ এই গুৰুত্বপূৰ্ণ মন্তব্য নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ৷ মঙ্গলবাৰে আনুষ্ঠানিকভাৱে অৱসৰ প্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ পৰা দায়িত্বভাৰ লৈছিল নতুন সঞ্চালক প্ৰধানে ৷ তাৰ পিছত বুধবাৰে সঞ্চালক প্ৰধানৰ প্ৰথম কাৰ্যসূচী ৷ কাৰ্যসূচীৰ অংশ ৰূপে অসম আৰক্ষীৰ চতুৰ্থ ছাউনীত দেশমাতৃৰ হকে প্ৰাণ দিয়া বীৰ শ্বহীদক স্মৰণ কৰে নতুন আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ বীৰ শ্বহীদক স্মৰণৰ পাছতে চতুৰ্থ অসম আৰক্ষী বাহিনীয়ে অভিবাদন জনাই নতুন আৰক্ষী সঞ্চালক প্ৰধানক ৷ ৯ টা আৰক্ষী বাহিনীৰ গোটে অভিবাদন জনায় ৷ অনুষ্ঠানতে অসম আৰক্ষীৰ দায়িত্ব তথা কৰ্তব্য সন্দৰ্ভত ভাষণ ৰাখে জি পি সিঙে ৷ শাৰীৰিক আৰু মানসিকভাৱে সুষ্ঠ হৈ থাকিবলৈ প্ৰতিগৰাকী আৰক্ষীক স্বাস্থ্যৰ যতন লোৱাৰ কথা ক'লে নতুন সঞ্চালক প্ৰধানে ৷ কামৰ দায়িত্ব আৰু নিয়মানুবৰ্তিতাৰ্ বজাই ৰাখি জনতাক সেৱা কৰাৰ আহ্বান প্ৰতিগৰাকী আৰক্ষীক ৷ এনেদৰে এতিয়া নতুন নতুন সংকল্প লৈ সাজু হৈছে ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান জি পি সিংঙ ৷ পিছে, প্ৰথম দিনৰ কাৰ্য্যসূচী শুভাৰম্ভণি কৰিবলৈ লওতে মাইকৰ যান্ত্ৰিক বিজুতিৰ সন্মুখীন হ'ব লগা হয় জি পি সিং ৷

শেহতীয়া বাতৰি