OPINION : ১৯৭৯ চনত ৯ বছৰ বয়সতে প্ৰথমটো ভাষণ দি ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই, অসম আন্দোলনত প্ৰফুল্ল-ভৃগুৰ সংগী আছিল বালক হিমন্ত

News18 Assam | News18-Assam
Updated:May 9, 2021, 4:01 PM IST
OPINION : ১৯৭৯ চনত ৯ বছৰ বয়সতে প্ৰথমটো ভাষণ দি ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই, অসম আন্দোলনত প্ৰফুল্ল-ভৃগুৰ সংগী আছিল বালক হিমন্ত
হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছিল ১৯৬৯ চনত। অসম আন্দোলনৰ (১৯৭৯-৮৫) ভৰপকত শৰ্মা ১২-১৩ বছৰীয়া বালক – এক প্ৰকাৰৰ পখিলা খেদাৰ বয়স।

হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছিল ১৯৬৯ চনত। অসম আন্দোলনৰ (১৯৭৯-৮৫) ভৰপকত শৰ্মা ১২-১৩ বছৰীয়া বালক – এক প্ৰকাৰৰ পখিলা খেদাৰ বয়স।

  • Share this:
নিৰ্বাচনৰ বতৰত হঠাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অফিচিয়েল টুইটাৰ একাউণ্টত স্থান পাইছিল তেওঁৰ অসম আন্দোলনৰ সময়ৰ দুখন ক’লা-বগা ফটোৱে। এখনত শৰ্মাক দেখা পোৱা গ’ল আন্দোলনৰ নেতা সদৌ অসম ছাত্ৰ সন্থাৰ তেতিয়াৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকনৰ সৈতে। ফটোখন দি তেওঁ লিখিলে “জেষ্ঠ সতীৰ্থৰে অসম আন্দোলনৰ সময়ৰ স্মৃতি।’’ নিৰ্বাচনৰ বতৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘প্ৰফুল্ল-ভৃগু’ৰ সৈতে এন নিৰ্বাচিত স্মৃতি ৰোমন্থনে স্বাভাৱিকতে ৰাজনৈতিক বিশ্লেষকক আলোচনাৰ মহলা মাৰিবলৈ খোৰাক প্ৰদান কৰিছিল। এতিয়া সেই ফটোৱে শৰ্মাক মুখ্যমন্ত্ৰীৰ পদবী শুৱনি কৰাত কিমান সহায় কৰিলে সেয়া আলোচনাৰ বিষয়।

হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছিল ১৯৬৯ চনত। অসম আন্দোলনৰ (১৯৭৯-৮৫) ভৰপকত শৰ্মা ১২-১৩ বছৰীয়া বালক – এক প্ৰকাৰৰ পখিলা খেদাৰ বয়স। কিন্তু এই কম বয়সীয়া শিশুজন প্ৰত্যক্ষভাৱে জড়িত হৈ আছিল অসম আন্দোলনৰ সৈতে। অতি ঘনিষ্ঠ আছিল আন্দোলনৰ শীৰ্ষ নেতৃত্বৰে। বিস্ময় বালকৰ উপাধি পাইছিল বর্তমানৰ প্ৰৱল প্ৰতাপী ৰাজনৈতিক নেতাগৰাকীয়ে।

জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰি কয় – “প্ৰফুল্ল, ভৃগুৰ যথেষ্ট মৰমৰ আছিল শিশু হিমন্ত বিশ্ব শৰ্মা। দুয়ো তেওঁক ঘৰুৱা নামেৰে সম্বোধন কৰিছিল। সম্ভৱতঃ মোমায়েকৰ যোগেদি হিমন্ত প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু ফুকনৰে সংযুক্ত হৈছিল।’’ সেই সময়ৰ কথা মনত পেলাই মহন্তই কয় – “হিমন্তৰ অধ্যয়নৰ প্ৰতি থকা আগ্ৰহ আৰু আন্দোলনৰ বিভিন্ন দিশসমূহৰ প্ৰতি থকা অনুসন্ধিৎসু মনোভাৱে মোহিত কৰিছিল বিশেষকৈ ভৃগু ফুকনক। ফুকন নিজেও এজন অধ্যয়নশীল ব্যক্তি আছিল। তেওঁৰ বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ কোঠাত থকা বিশাল গ্ৰন্থৰ ভাণ্ডাৰ প্ৰায়ে লিৰিকি বিদাৰি চাইছিল বালক হিমন্তই। সেয়ে ফুকনে এক প্ৰকাৰ groom কৰিছিল হিমন্ত বিশ্ব শৰ্মাক।’’

সেই ঠুনুকা বয়সতে ‘প্ৰফুল্ল-ভৃগু’ৰ পৰা ৰাজনীতিৰ আদি পাঠ গ্ৰহণ কৰিছিল শর্মাই। ছাত্ৰ সন্থাত সেই সময়ত চলা লবীকেন্দ্ৰিক ৰাজনীতিৰ হিমন্ত প্ৰথম শাৰীৰ দর্শক আছিল; কেৱল দর্শকেই সেইবোৰ পৰা তীক্ষ্ণ হিমন্তই আয়ত্ত কৰিছিল ৰাজনীতিৰ আদি পাঠ বুলি ক’ব খোজে মহন্তই।

শিশু অৱস্থাতে হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ সামাজিক আৰু ৰাজনৈতিক অৱস্থাৰ বোধ-শক্তিৰ বিষয়ে অনুধাৱন কৰি ভৃগু ফুকনে হিমন্তক পৰৱৰ্তী পৰ্যায়ত গুৰুত্বপূৰ্ণ দায়িত্বৰ কাৰণে প্ৰক্ষেপ কৰিছিল। মহন্তৰ মতে, তাৰে পৰিপ্ৰেক্ষিততে শৰ্মা কটন কলেজত একাধিকবাৰ নিৰ্বাচন জয়ী হৈ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈছিল। সদৌ গুৱাহাটী ছাত্ৰ সন্থাটো তেওঁক গুৰু দায়িত্ব অপৰ্ণ কৰা হৈছিল। হিমন্তৰ ৰাজনৈতিক পৰিপক্কতাৰ উমান পাই পিছত সেয়ে হিতেশ্বৰ শইকীয়াই তেওঁক আঁকোৱালি লৈছিল।

উল্লেখযোগ্য যে, শিশু অৱস্থাতে ৰাজনীতি শিকোৱা ভৃগু ফুকনকে ২০০১ চনৰ অসম বিধান সভা নিৰ্বাচনত পৰাজিত কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। আনহাতে অসম আন্দোলনৰ অৱসান ঘটাই সদৌ অসম ছাত্ৰ সন্থাই অসম চুক্তি স্বাক্ষৰ কৰাই আজি ৩৫ বছৰত ভৰি দিলে। শৰ্মাই এই সময়ছোৱাত কংগ্ৰেছ; বিজেপি দুয়ো দলৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰী হ’ল। অসম চুক্তি ৰূপায়ণ বিভাগো তেওঁক দিয়া হ’ল। কিন্তু এতিয়াও চুক্তি ৰূপায়ণ সুদূৰপৰাহত। এইবাৰৰ অসম বিধানসভা নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে বিজেপিক জয়ী কৰোৱাত অপৰিসীম অৱদান আছে হিমন্ত বিশ্ব শৰ্মাৰ। সেয়ে তেওঁ আজি মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছে।

আৰু তাৰ মাজতে কৌশলগত ভাৱে তেওঁ আন্দোলনৰ ফটো প্ৰক্ষেপ কৰি বুজাব বিচাৰিছে যে জাতিয়তাবাদীতেওঁ পাহৰি যোৱা নাই। মহন্তৰ মতে – শৰ্মাই সমাজৰ খাটি খোৱা শ্ৰেণীক যি ধৰণে সহজ ভাষাত বার্তা প্ৰেৰণ কৰাৰ প্ৰয়াস কৰে ঠিক তেনেধৰণে বৌদ্ধিক মহলকো কৰ্ম-কাণ্ডৰে engage কৰি ৰাখিব বিচাৰে। মহন্তই কয় – শৰ্মাই চাগৈ ক’ব বিচাৰিছে তেওঁক জাতীয়তাবাদ কোনেও শিকাব নালাগে; অসম আন্দোলনৰ ৮৫৫জন শ্বহীদৰ বলিদান এতিয়াও তেওঁৰ মনত সজীৱ; সেই স্মৃতি তেওঁ এতিয়াও বুকু লৈ ফুৰিছে।

আজিও বহুজনে প্ৰফুল্ল মহন্ততকৈ ভৃগু ফুকন কাৰ্যক্ষম মুখ্যমন্ত্ৰী হ’লহেঁতেনে বুলি ক’ব খোজে। গতিকে এই ফটোৰ যোগেদি হিমন্তই অসমৰ ৰাইজক এইবাৰ সেই ঐতিহাসিক ভুল নকৰিবলৈও আহ্বান জনোৱাৰো থল আছে বুলি মন্তব্য কৰিব বিচাৰে মহন্তই।

উল্লেখযোগ্য যে, ২০২০চনৰ ১০ ডিচেম্বৰ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হোৱা শ্বহীদ দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী হিমন্তই অসম আন্দোলনৰ সময়ত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাজত হোৱা গোপন যোগাযোগসমূহ ৰাজহুৱা কৰিবলৈ দাবী জনাইছিল। চুক্তি ৰূপায়ণত তৎপৰতা প্ৰদৰ্শন নকৰিলেও বা নিৰ্বাচনী প্রচাৰত প্ৰতিশ্ৰুতি নিদিলেও সেই সময়ৰ স্মৃতি ৰাজহুৱাকৈ ৰোমন্থন কৰাত কিন্তু কোনো ধৰণৰ কৃপণালি কৰা নাছিল শৰ্মাই। উজনি অসম দখল কৰিবলৈ তেওঁৰ এয়া আৱেগ সৰ্বস্ব কৌশল বুলিও বহুজনে তেতিয়া কৈছিল। এতিয়া শৰ্মা মুখ্যমন্ত্ৰী। অসম আনদোলনৰ ফচল অসম চুক্তি ৰূপায়নৰ ক্ষেত্ৰত তেওঁ কি ভূমিকা ল`য় সেয়া লক্ষণীয় হ`ব।
Published by: Sanjay Kumar Das
First published: May 9, 2021, 3:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি