জন্মৰ দিনাই পাইছিল হিমন্ত বিশ্বৰ সান্নিধ্য, গতিকে পিতৃ–মাতৃয়ে শিশুটিৰ নাম দিলে ‘হিমন্ত’

নাহৰনী চাহ বাগিচাৰ স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিত হোৱাৰ সময়তে জন্ম হৈছিল শিশুটিৰ

News18-Assam
Updated:October 12, 2019, 3:50 PM IST
জন্মৰ দিনাই পাইছিল হিমন্ত বিশ্বৰ সান্নিধ্য, গতিকে পিতৃ–মাতৃয়ে শিশুটিৰ নাম দিলে ‘হিমন্ত’
নাহৰনী চাহ বাগিচাৰ স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিত হোৱাৰ সময়তে জন্ম হৈছিল শিশুটিৰ
News18-Assam
Updated: October 12, 2019, 3:50 PM IST
জন্মৰ দিনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সান্নিধ্য লাভ কৰা এটি শিশু! হিমন্ত বিশ্ব  শৰ্মা কোঠালৈ সোমাই আহোতেই কান্দিও দিছিল শিশুটিয়ে। জন্ম হৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ সান্নিধ্য পোৱাৰ বাবে পিতৃ মাতৃয়ে শিশুটিৰ নাম ৰাখিলে হিমন্ত।

১০ অক্টোৱৰত নাহৰনী চাহ বাগিচাৰ স্বাস্থ্য কেন্দ্ৰত ৰাজ্যৰ বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱাৰ সময়তে চিকিৎসালয়ত জন্ম হয় এটি পুত্ৰ সন্তান। শিশুটিৰ পিতৃ মাতৃ ক্ৰমে সঞ্জয় তাঁতী আৰু দয়মতী তাঁতীয়ে মন্ত্ৰীগৰাকীলৈ সন্মান জনাই নাম থলে ‘হিমন্ত তাঁতী’। বৰ্তমান শিশুটি সুস্থ অৱস্থাত আছে ৷ মন্ত্ৰী জনৰ নামটো ভাল লগা বাবেই নাম হিমন্ত তাঁতী ৰাখিলে উল্লেখ কৰে পৰিয়ালৰ লোকে।
আৰু চাওক পৰৱৰ্তী বাতৰি