কোনো দিন অসমত প্ৰযোজ্য নহয় ‘ইনাৰ লাইন পাৰ্মিট’, স্পষ্ট কৰি দিলে গৃহমন্ত্ৰী অমিত শ্বাহে

News18 Assam | News18-Assam
Updated:February 29, 2020, 4:31 PM IST
কোনো দিন অসমত প্ৰযোজ্য নহয় ‘ইনাৰ লাইন পাৰ্মিট’, স্পষ্ট কৰি দিলে গৃহমন্ত্ৰী অমিত শ্বাহে
Photo : Hindustan Times

এই কথা স্পষ্ট কৰি দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

  • Share this:
অসমত কোনো দিন প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট। যিহেতু অসম উত্তৰ পূৱৰ দুৱাৰমুখ। গতিকে অসমত প্ৰযোজ্য নহয় ILP। এই কথা স্পষ্ট কৰি দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

উল্লেখযোগ্য যে,  অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কমিটীয়ে অসমত ILP ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ যদিও প্ৰেৰণ কৰিছে তথাপিও কিন্তু অসমত ইনাৰ লাইন পাৰ্মিট প্ৰদানৰ পক্ষত নাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।  অসম উত্তৰ পূৱৰ দুৱাৰদলি আৰু সেই কাৰণেই কেন্দ্ৰই অসমত ILP প্ৰৱৰ্তন নকৰে । গৃহমন্ত্ৰীয়ে এই কথা সদৰি কৰিছে মেঘালয়ৰ পৰা যোৱা প্ৰতিনিধি দলৰ আগত।

শনিবাৰে শ্বিলঙত সজাতি দলটোত উপস্থিত থকা NPP ৰ বিধায়ক Lambor Malngiang এ সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰিছে । সজাতি দলটোৱে মেঘালয়ত ILP প্ৰৱৰ্তনৰ দাবী জনাই গৃহমন্ত্ৰীৰ কাষ চাপিছিল। অৱশ্যে মেঘালয়ক ILP প্ৰদানৰ আশ্বাস দিয়ে গৃহমন্ত্ৰীগৰাকীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading