পাৰ্থ জ্যোতি বৰাঃ ৰাষ্ট্ৰীকৃত সংস্থা হিন্দুস্থান পেপাৰ কৰ্প’ৰেচন লিমিটেডৰ অধীনস্থ কাছাৰ আৰু নগাঁও কাগজ কল দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাত সমগ্ৰ দেশতে অভাৱনীয়ভাৱে নাটনি হৈছে কাগজৰ। বৃদ্ধি হৈছে কাগজৰ মূল্যবৃদ্ধিও। পৰিণতিত কাগজ আমদানিৰ নামত ব্যয় হৈছে হাজাৰ কোটি টকা। কেন্দ্ৰীয় চৰকাৰে ২০১৭-১৮ বিত্তীয় বৰ্ষত বাংলাদেশ, চীন আৰু দক্ষিণ কোৰিয়াৰ পৰা আমদানি কৰিলে ৯০০০ কোটি টকাৰ কাগজ। কিন্তু কাছাৰ আৰু নগাঁও কাগজ কল পুনৰুজ্জীৱিতকৰণৰ বাবে প্ৰয়োজন আছিল ২০০০ কোটি টকাৰ পেকেজহে।
অসমৰ কাগজ কল কেইটা কাৰ্যক্ষম কৰাৰ দিশত অসম চৰকাৰ প্ৰতিশ্ৰুতিতে সীমিত থকাৰ সময়ত কিন্তু কেৰেলা চৰকাৰে HPCLৰ এক অংশীদাৰী প্ৰতিষ্ঠানন Hindustan Newsprint Limitedক ৰাজ্য চৰকাৰলৈ হস্তান্তৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক প্ৰেৰণ কৰিলে পত্ৰ।

কেৰেলা স্থিত Hindustan Newsprint Limited ৰাজ্য চৰকাৰলৈ হস্তান্তৰ কৰাৰ দিশত যোৱা বছৰেই কেৰেলা বিধান সভাত এক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। বতৰ্মানে অৰ্থনৈতিক সংকটত ভোগা Hindustan Newsprint Limitedক কেন্দ্ৰীয় চৰকাৰে তৃতীয় পক্ষক বিক্ৰী কৰাৰ পৰিকল্পনা কৰি থকাৰ সময়তে ৰাজ্য চৰকাৰৰ পৰা আহিছে এই হস্তক্ষেপ।
ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটো বিক্ৰী কৰিবলৈ ৰাজ্য চৰকাৰৰ অনুমোদনৰ প্ৰয়োজনৰ দোহাই দি কেৰেলা চৰকাৰে বাতৰিকাগজৰ কলটো নিজৰ দখললৈ অনাৰ দিশত কেন্দ্ৰীয় চৰকাৰক যাৱতীয় ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে। কাছাৰ কাগজ কল শ্ৰমিক ইউনিয়নৰ সভাপতি মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে নতুন দিল্লীত এই সন্দৰ্ভত অসম চৰকাৰকো অসমৰ কাগজ কল কেইটা নিজৰ দখললৈ আনিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীৰ কাগজ কল কেইটা পুনৰুজীৱিত কৰাৰ প্ৰতিশ্ৰুতিত আশ্বস্ত হ’ব পৰা নাই কাছাৰ কাগজ কল শ্ৰমিক ইউনিয়নৰ সভাপতিগৰাকী।
অসম কাগজ কল কেইটাই এক ধাতু যোগানকাৰী প্রতিষ্ঠানক দিবলগীয়া ৯৮ লাখ টকা দিব নোৱাৰাৰ কাৰণেই প্ৰতিষ্ঠানটো National Company Law Tribunalৰ কাষ চাপিছিল আৰু কাগজ কলকেইটাই ধন ঘূৰাই দিবলৈ সক্ষম নোহোৱাত NCLT–এ Liquidationৰ নিৰ্দেশ দিছে। এই সন্দৰ্ভত চক্ৰৱৰ্তীৰ মন্তব্য ‘অসম চৰকাৰে হস্তক্ষেপ কৰি ৯৮ লাখ টকা দিব লাগিছিল আৰু যদিহে দিব নোৱাৰে কাগজ কলৰ বিষয়া কৰ্মচাৰীৰ বকেয়া ২৭ মাহৰ দৰমহাৰ পৰা এই ধন প্ৰদান কৰক ।
দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰাৰ প্ৰতিবেদন
Published by: Dulu Medhi
FIRST PUBLISHED : May 07, 2019, 16:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।