মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Girl Arrested in Pakistan : কেনেকৈ পাকিস্তানৰ কাৰাগাৰৰ আলহী হ'ল নগাঁৱৰ ৱাহিদা? কাবুলীৱালাৰ চক্ৰান্তৰ বলি হ'ল নগাঁৱৰ মহিলা!

Assam Girl Arrested in Pakistan : কেনেকৈ পাকিস্তানৰ কাৰাগাৰৰ আলহী হ'ল নগাঁৱৰ ৱাহিদা? কাবুলীৱালাৰ চক্ৰান্তৰ বলি হ'ল নগাঁৱৰ মহিলা!

ডেৰ কোটি টকাত নগাঁৱৰ সম্পত্তি বিক্ৰী কৰি ১নৱেম্বৰত দিল্লীলৈ গৈছিল ৱাহিদা

ডেৰ কোটি টকাত নগাঁৱৰ সম্পত্তি বিক্ৰী কৰি ১নৱেম্বৰত দিল্লীলৈ গৈছিল ৱাহিদা

ডেৰ কোটি টকাত নগাঁৱৰ সম্পত্তি বিক্ৰী কৰি ১নৱেম্বৰত দিল্লীলৈ গৈছিল ৱাহিদা

  • Share this:

নগাঁও চহৰৰ বৰবজাৰৰ এগৰাকী মহিলা সন্তানসহ পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা বাতৰিয়ে সমগ্ৰ চহৰখনতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, নগাঁও চহৰৰ বৰবজাৰৰ ৱাহিদা বেগম নামৰ মহিলাগৰাকী ১০বছৰীয়া পুত্ৰ সন্তানসহ যোৱা ১ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল।


১ নৱেম্বৰৰ পুৱা স্বামীৰ বৰবজাৰৰ সম্পত্তি ১ কোটি ৬০ লাখ টকাত বিক্ৰী কৰি চেলিম খান নামৰ এগৰাকী কাবুলীৱালাৰ সৈতে অন্তৰ্ধান হৈছিল ৱাহিদা। ইয়াৰ পিছতে ৱাহিদাৰ মাতৃ আজিফা খাতুনে তেওঁৰ লগতে পুত্ৰ সন্তানৰ নিৰুদ্দেশ সন্দৰ্ভত নগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল।


কিন্তু আজিৰ পৰা প্ৰায় ২০দিন পূৰ্বে দিল্লী উচ্চায়ুক্তৰ পৰা ফোনযোগে ৱাহিদা ৱেগম আৰু তেওঁৰ ১০ বছৰীয়া পুত্ৰ সন্তান পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকাৰ খবৰ লাভ কৰে। ইয়াৰ পিছতে তেওঁ নতুন দিল্লীলৈ কন্যা আৰু নাতিক উদ্ধাৰ কৰাৰ বাবে ৰাওনা হৈছে।


জানিব পৰা মতে, ৱাহিদা বেগমৰ স্বামী মহছিন খানৰ আজিৰ পৰা ৪ বছৰ পূৰ্বে মৃত্যু হৈছিল। তাৰ পিছতে চেলিম খান নামৰ এজন কাবুলীৱালাৰ সৈতে ৱাহিদাৰ প্ৰেমৰ সম্পৰ্কই গঢ় লৈ উঠে। যোৱা ডেৰ বছৰ ধৰি ৱাহিদাই চেলিম খানৰ সৈতে সহবাস কৰিবলৈ লয় যদিও আনুষ্ঠানিকভাৱে তেওঁলোকৰ বিবাহ সম্পন্ন হোৱা নাছিল।


কিন্তু ২০২২ চনৰ নৱেম্বৰৰ ১ তাৰিখে প্ৰসেনজিৎ দত্ত নামৰ বৰবজাৰৰ এগৰাকী ব্যৱসায়ীক তেওঁলোকৰ মাটি-সম্পত্তি বিক্ৰী কৰি এখন ছুইফট বাহনত ১০ বছৰীয়া পুত্ৰ সন্তানসহ ৱাহিদাই স্বামী চেলিমৰ সৈতে অন্তৰ্ধান হয়। পৰৱৰ্তী সময়ত তেওঁলোকৰ বাহনখন পৰিত্যক্ত অৱস্থাত গুৱাহাটীৰ বৰবজাৰ বিমানবন্দৰত উদ্ধাৰ হয়।


ইয়াৰ পিছতে ৱাহিদাৰ মাতৃ আজিফা খাতুনে নগাঁও সদৰ আৰক্ষী থানাত তেওঁলোকৰ নিৰুদ্দেশ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছিল যদিও কোনো শুংসূত্ৰ পোৱা নাছিল। শেহতীয়াভাৱে ১০ বছৰীয়া পুত্ৰ সন্তানসহ ৱাহিদা পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকাৰ বাতৰি পোৱাৰ পিছতে শোকত ভাগি পৰিছে মাতৃ ৱাহিদা খাতুন।


নগাঁৱত সুদৰ ব্যৱসায় কৰা চেলিম খানৰ সৈতে ৰূপহীৰ এগৰাকী ইটাভাতাৰ মালিকৰ আছিল সু-সম্পৰ্ক। এই সমগ্ৰ ঘটনাৰ লগত সেই ব্যক্তিগৰাকীও জড়িত বুলি বৰবজাৰৰ বহু লোকে অভিযোগ তুলিছে। আনহাতে, ৱাহিদাৰ মাতৃ আজিফা খাতুনে ১০ বছৰীয়া পুত্ৰ সন্তানসহ  তেওঁৰ কন্যাক ভাৰতলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈকো ভাৰত চৰকাৰক অনুৰোধ জনাইছে। ইপিনে ৱাহিদা আৰু তেওঁৰ সন্তানৰ লগতে চেলিম খানো পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছে বুলি জানিব পৰা গৈছে।

শেহতীয়া বাতৰি