নগাঁৱৰ জাজৰিৰ এটা তেল ডিপোত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতেন-মাটি গাঁৱৰ এজন যুৱকে জাজৰিৰ ইণ্ডিয়ান অইলৰ তেল ডিপোত সোমবাৰে সন্ধ্যা নগদ ১৮০০ টকাৰ পেট্ৰ'ল (Petrol) নিজৰ ছুইফট ডিজায়াৰ বাহন খনত ভৰাই ঘৰমুৱা হয়। পিছে ২কিলোমিটাৰ চলাৰ পিছতে হঠাৎ তেওঁৰ বাহনখন অচল হৈ পৰে।
যুৱকজনে এগৰাকী মটৰ মেকানিকক খবৰ দিয়াত তেওঁ গাড়ীখন পৰীক্ষা কৰি দেখে যে যুৱকজনৰ বাহনখনৰ তেলৰ টেংকীত পেট্ৰ'লৰ সলনি পানী ভৰোৱাৰ পিছতে বাহনখন বিকল হৈ পৰিছে। এই খবৰ বিয়পি পৰাৰ লগে লগে হাতীচোঙৰ কেইবাগৰাকীও যুৱকে পেট্ৰ'ল ডিপোত গৈ এই বিষয়ে আপত্তি দৰ্শোৱাত ওলোটাই তেল ডিপোৰ মালিকে তেওঁলোকক দুৰ্ব্যৱহাৰ কৰি উভতাই পঠোৱাৰ অভিযোগ। ইয়াৰ পিছতে পেট্ৰ'ল ডিপোটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিবপৰা মতে, পেট্ৰল ডিপোটোৰ ৰিজাৰ্ভাৰত পানী সোমোৱাৰ বাবে দেওবাৰে ডিপোটো বন্ধ কৰি থ'ব লগা হৈছিল। কিন্তু ৰিজাৰ্ভাৰ চাফা নকৰাকৈয়ে পুনৰ তেওঁলোকে ডিপোটোত গ্ৰাহকক তেল বিক্ৰী কৰাৰ ফলতেই এই ঘটনা সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে। এইক্ষেত্ৰত হাতীচোং, ন-মাটি আদি অঞ্চলৰ ৰাইজে ডিপোটোৰ মালিক কৰ্তৃপক্ষৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে।
Published by: Kokil Sarma
FIRST PUBLISHED : September 21, 2021, 14:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।