নৃত্যৰ জৰিয়তে সফলতা লাভ কৰা পাৰ্থ পেচাত এগৰাকী শিক্ষক। দুটাকৈ আন্ত:ৰাষ্ট্ৰীয় সন্মানেৰে নগাঁৱলৈ গৌৰৱ কঢ়িয়ালে দক্ষিণপাটৰ প্ৰাৰ্থ প্ৰতিমে। নগাঁৱৰ বিভিন্ন দল-সংগঠনৰ অভিনন্দন আৰু সম্বৰ্দ্ধনা।
নৃত্যৰ জৰিয়তে সফলতা লাভ কৰা পাৰ্থ পেচাত এগৰাকী শিক্ষক। দুটাকৈ আন্ত:ৰাষ্ট্ৰীয় সন্মানেৰে নগাঁৱলৈ গৌৰৱ কঢ়িয়ালে দক্ষিণপাটৰ প্ৰাৰ্থ প্ৰতিমে। নগাঁৱৰ বিভিন্ন দল-সংগঠনৰ অভিনন্দন আৰু সম্বৰ্দ্ধনা।
নৃত্যৰ জৰিয়তে দুটাকৈ আন্ত:ৰাষ্ট্ৰীয় সন্মান বুটলিবলৈ সক্ষম হ'ল নগাঁৱৰ দক্ষিণপাটৰ যুৱ শিল্পী পাৰ্থ প্ৰতিম দাসে। পশ্চিমবংগৰ বোলপুৰ শান্তি নিকেতনৰ সৃজনী শিল্পগ্ৰামত, তা-থেই-ডাঞ্চ একাডেমীয়ে, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়, ইষ্টাৰ্ন জনেল কালচাৰেল চেন্টাৰৰ সহযোগত অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় ৰবীন্দ্ৰ মহোৎসৱ-২০২২ত অসমক প্ৰতিনিধিত্ব কৰি দুটাকৈ সন্মান পাই পাৰ্থই নগাঁৱৰে নহয় সমগ্ৰ ৰাজ্যখনকে গৌৰৱান্বিত কৰিছে।
সৰুৰে পৰা এগৰাকী নৃত্য শিল্পী হিচাবে ঐকান্তিকতাৰে অনুশীলনত ব্যস্ত থকা পাৰ্থই ইতিপূৰ্বে ৰাজ্যিক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু কেইটা সন্মান যেনে - মেজিক বুক অৱ ৰেকৰ্ড, ইন্টাৰনেচনেল ৱৰ্ল্ড ৰেকৰ্ডচ, ইন্টাৰনেচনেল নৃত্য সূৰ্যপ্ৰভা এৱাৰ্ড, ইন্টাৰনেচনেল নৃত্য শিৰোমনি এৱাৰ্ড, নেচনেল নৃত্য মুক্তেশ্বৰ এৱাৰ্ডকে ধৰি কুৰিটিৰো অধিক সন্মান পাবলৈ সক্ষম হৈছে। জানিব পৰা মতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ যুগজয়ী "বিস্তীৰ্ণ পাৰৰে" গীতটিত সুন্দৰ নৃত্য প্ৰদৰ্শনেৰে এই সন্মান বুটলিবলৈ সক্ষম হৈছে পাৰ্থই। নগাঁও জিলাৰ দক্ষিনপাটৰ যোগ প্ৰসাদ দাস আৰু প্ৰতিমা দাসৰ সুযোগ্য পুত্র পাৰ্থ প্ৰতিম সম্প্ৰতি বোকাখাটৰ কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰ দৰে মহান বৃত্তিত নিয়োজিত হৈ আছে। পাৰ্থৰ এই সফলতাত নগাঁৱৰ কৈৱৰ্ত সাহিত্য আৰু সাস্কৃতিক সভা নগাঁও জিলা সমিতিৰ সভাপতি ৰেব দাস, সম্পাদক ৰাহুল দেৱ বৰদলৈ, কৈৱৰ্ত নৱজাগৰন সাহিত্য আৰু সামাজিক মঞ্চৰ হৈ দীপ দাস, অনুসূচিত জাতি যুৱ ছাত্র সন্থাৰ নগাঁও জিলা সমিতিৰ বিষয় ববীয়াই তেওঁক ঘৰতে সম্বৰ্ধনা জনায়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|