• Home
  • »
  • News
  • »
  • assam
  • »
  • চুক্তি মতে অসম আৰক্ষী আহিল, কিন্তু নগা থাকিল, অসম–নাগালেণ্ড শান্তি চুক্তি দাহ জাতীয় সংগঠনৰ

চুক্তি মতে অসম আৰক্ষী আহিল, কিন্তু নগা থাকিল, অসম–নাগালেণ্ড শান্তি চুক্তি দাহ জাতীয় সংগঠনৰ

সীমান্তত নগাৰ অগ্ৰাসনক লৈ সস্তীয়া ৰাজনীতি কৰা বুলি  অভিযোগ উত্থাপন ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে।

সীমান্তত নগাৰ অগ্ৰাসনক লৈ সস্তীয়া ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে।

সীমান্তত নগাৰ অগ্ৰাসনক লৈ সস্তীয়া ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে।

  • Share this:

বিগত ৩১ জুলাইত অসম-নাগালেণ্ডে দুয়োখন ৰাজ্যৰ মাজত নাগালেণ্ডৰ ডিমাপুৰত স্বাক্ষৰিত চুক্তিক বুঢ়া আঙুলি দেখুৱাই নাগালেণ্ডে মৰিয়নিৰ দিচৈভেলীত অব্যাহত ৰাখিছে নিজৰ দপদপনি। দুয়োখন ৰাজ্যই বিবদমান অঞ্চলত স্থাপন কৰা অস্থায়ী আৰক্ষী নিৱেশ উঠাই নিয়াৰ লগতে সীমান্ত অঞ্চলত শান্তি-সম্প্ৰীতি বজাই ৰাখিব বুলি চুক্তিত স্বাক্ষৰ কৰিছিল।


চুক্তিৰ দফামতে অসম আৰক্ষীয়ে ইতিমধ্যে সেইস্থানৰ পৰা প্ৰস্থান কৰিছে যদিও নাগালেণ্ডৰ আগ্ৰাসী মনোবৃত্তিয়ে  দিচৈভেলীত স্থাপন কৰা ঘৰ, তামোলৰ বাগান অথবা অনান্য দখলীকৃত অঞ্চলসমূহ এৰি নিদিয়াত নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে মৰিয়নিৰ দল–সংগঠন।


মন কৰিবলগীয়া যে নাগালেণ্ডৰ মাজত শান্তি চুক্তি সম্পন্ন হোৱাৰ এসপ্তাহ নৌহওঁ‌তেই দিচৈভেলীত নাগালেণ্ডৰ আও ষ্টুডেণ্ট কনফাৰেন্স নামৰ ছাত্ৰ সংগঠনটোৱে দিচৈভেলী সংৰক্ষিত বনাঞ্চলৰ ছটাকৈ স্থানত ফলক আঁৰি সেই অঞ্চলসমূহ নাগালেণ্ডৰ বুলি দাবী কৰা কাৰ্যত জাঙুৰ খাই উঠিছে মৰিয়নিৰ দল–সংগঠন।


চুতীয়া জাতি ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্ৰ পৰিষদ, অসম চাহ জনজাতি ছাত্ৰ সন্থা, তাই আহোম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, টি এম পি কে আৰু কৈৱৰ্ত ছাত্ৰ সন্থাৰ মৰিয়নি আঞ্চলিক সমিতিয়ে আজি বিয়লি মৰিয়নি আৰক্ষী থানাৰ সমীপত অসম–নগা শান্তি চুক্তিৰ প্ৰতিলিপি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অসম চৰকাৰৰ দুমুখীয়া নীতিক জাতি মাটিৰ ৰক্ষাৰ স্বাৰ্থতে গ্ৰহণ কৰা নহ'ব বুলিও সকীয়াই দিয়ে।


দিচৈভেলীত অসম আৰক্ষী মোতায়ন কৰি মৰিয়নিৰ সীমান্তবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনোৱাৰ লগতে জাতীয় দল–সংগঠনসমূহে অসম চৰকাৰৰ সোপাঢিলা নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰে।


ইফালে সীমান্তত নগাৰ অগ্ৰাসনক লৈ সস্তীয়া ৰাজনীতি কৰা বুলি সংগঠনকেইটাই অভিযোগ উত্থাপন কৰি প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীক সকীয়নি প্ৰদান কৰি সংগঠনৰ নেতৃবৃন্দই কয়- "নিজক জাহিৰ কৰিবলৈ নাগালেণ্ডৰ সীমান্তত মানুহক উচটনি দি ৰূপজ্যোতি কুৰ্মীয়ে ঘৰত বহি সীমান্তবাসীৰ জ্বলন্ত পৰিস্থিতিসমূহ নীৰৱে এতিয়া উপভোগ কৰি আছে। নিজৰ ৰাজনৈতিক চৰিত্ৰ জহাবলৈ সীমান্তত গৈ নাটক কৰা ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিত যোগদান কৰি এতিয়া আৰ এছ এছ আৰু বিজেপিৰ কোলাত বহি সীমান্তৰ কথা পাহৰিলে। ৰূপজ্যোতি কুৰ্মীৰ যদি সাহস আছে, তেতিয়াহ'লে দিচৈভেলীৰ পৰা  নগাৰ আগ্ৰাসন উঠাই নিবলৈ অনশন কৰি দেখুওৱাক, অন্যথা সীমান্তবাসীৰ নামত ৰাজনীতি কৰিবলৈ নাহিব।"


মন কৰিবলগীয়া যে পূৰ্বতে অসম–নাগালেণ্ডৰ সীমা সমস্যাক লৈ সততে সৰৱ হৈ অহা মৰিয়নিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গেৰুৱা বসন পিন্ধিয়ে অসমৰ ভূমিত নগাৰ আগ্ৰাসনক লৈ নিতাল মৰা কাৰ্যক লৈ সমালোচনাৰ সন্মুখীন হৈ আহিছে।

Published by:Gautam Barman
First published: