মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Withdraw Forces From Border: অসম আৰু নাগালেণ্ডে সীমান্তৰ স্থানসমূহৰ পৰা প্ৰত্যাহাৰ কৰিলে সুৰক্ষা বাহিনী, ঐতিহাসিক পদক্ষেপৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন হিমন্ত বিশ্ব শৰ্মাৰ...

Withdraw Forces From Border: অসম আৰু নাগালেণ্ডে সীমান্তৰ স্থানসমূহৰ পৰা প্ৰত্যাহাৰ কৰিলে সুৰক্ষা বাহিনী, ঐতিহাসিক পদক্ষেপৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন হিমন্ত বিশ্ব শৰ্মাৰ...

Kokil Sarma | News18-Assam
Updated:July 31, 2021, 4:45 PM IST
Withdraw Forces From Border: অসম আৰু নাগালেণ্ডে সীমান্তৰ স্থানসমূহৰ পৰা প্ৰত্যাহাৰ কৰিলে সুৰক্ষা বাহিনী, ঐতিহাসিক পদক্ষেপৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন হিমন্ত বিশ্ব শৰ্মাৰ...
photo-News18

Withdraw forces from border: উত্তৰ-পূবৰ ৰাজ্য অসম আৰু নাগালেণ্ডে শনিবাৰে ৰাজ্যসমূহৰ মাজত উত্তেজনা হ্ৰাস কৰাৰ বাবে সীমান্তৰ স্থানসমূহৰ পৰা তেওঁলোকৰ সুৰক্ষা বাহিনী তৎক্ষণাৎ প্ৰত্যাহাৰ কৰাৰ চুক্তি স্বাক্ষৰ কৰে।

  • Share this:
Withdraw forces from border: উত্তৰ-পূবৰ ৰাজ্য অসম(Assam) আৰু নাগালেণ্ডে(nagaland) শনিবাৰে ৰাজ্যসমূহৰ মাজত উত্তেজনা হ্ৰাস কৰাৰ বাবে সীমান্তৰ স্থানসমূহৰ পৰা তেওঁলোকৰ সুৰক্ষা বাহিনী তৎক্ষণাৎ প্ৰত্যাহাৰ কৰাৰ চুক্তি স্বাক্ষৰ(signed agreements) কৰে। শান্তি পুনৰুদ্ধাৰৰ প্ৰচেষ্টাৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ক কৃতিত্ব প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma) "ঐতিহাসিক" পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।



শনিবাৰে এক টুইটযোগে শৰ্মাই কয়, "অসম-নাগালেণ্ড সীমান্তত উত্তেজনা হ্ৰাস কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ সাফল্য স্বৰূপ দুয়োগৰাকী মুখ্য সচিবে সীমান্তৰ স্থানৰ পৰা তেওঁলোকৰ নিজ নিজ শিবিৰলৈ ৰাজ্যসমূহৰ বাহিনী তৎক্ষণাৎ প্ৰত্যাহাৰ কৰাৰ বুজাবুজিত উপনীত হৈছে।"
Published by: Kokil Sarma
First published: July 31, 2021, 4:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি