• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমৰ ভূখণ্ড চলে বলে কৌশলেৰে দখল কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে চুবুৰীয়া ৰাজ্য নাগালেণ্ড, এইবাৰ অসমৰ মাটিত পকী পথ নিৰ্মাণ...

অসমৰ ভূখণ্ড চলে বলে কৌশলেৰে দখল কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে চুবুৰীয়া ৰাজ্য নাগালেণ্ড, এইবাৰ অসমৰ মাটিত পকী পথ নিৰ্মাণ...

শিৱসাগৰ জিলাৰ অসম নগালেণ্ড সীমান্তৰ গেলেকী সংৰক্ষিত বনাঞ্চলৰ হাতীগড়ত পকী পথ নিৰ্মাণৰ চেষ্টা নাগালেণ্ডৰ ৷

শিৱসাগৰ জিলাৰ অসম নগালেণ্ড সীমান্তৰ গেলেকী সংৰক্ষিত বনাঞ্চলৰ হাতীগড়ত পকী পথ নিৰ্মাণৰ চেষ্টা নাগালেণ্ডৰ ৷

শিৱসাগৰ জিলাৰ অসম নগালেণ্ড সীমান্তৰ গেলেকী সংৰক্ষিত বনাঞ্চলৰ হাতীগড়ত পকী পথ নিৰ্মাণৰ চেষ্টা নাগালেণ্ডৰ ৷

  • Share this:
শিৱসাগৰ জিলাৰ অসম নাগালেণ্ড সীমান্তৰ গেলেকী সংৰক্ষিত বনাঞ্চলৰ হাজাৰ হাজাৰ হেক্টৰ ভূমি ইতিমধ্যেই দখল কৰা আগ্ৰাসী নগাৰ এইবাৰ চকু সংৰক্ষিত বনাঞ্চলখনৰ অৱশিষ্ট ভূখণ্ডত।

সংৰক্ষিত বনাঞ্চলখনৰ আঠখেল অংশৰ হাতীগড়ত পকী খুটা আৰু ফলক লগাই নগাই গাঁও স্থাপনৰ চেষ্টা চলাইছিল যদিও নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপৰ তৎপৰতাত এই প্ৰচেষ্টা ব্যৰ্থ হোৱাৰ পাছত এইবাৰ বনাঞ্চলখনৰ উক্ত অংশত পকী পথ নিৰ্মাণ কৰে নগালেণ্ড প্ৰশাসনে।
গেলেকী সংৰক্ষিত বনাঞ্চলৰ হাতীগড়ৰ সমীপতে প্ৰায় ১ কিলমিটাৰ পথ শিল পেলাই পকীকৰণৰ প্ৰাৰম্ভিক কাম আগ্ৰাসী নগাই গোপনে আৰম্ভ কৰাৰ খবৰ পাই দেওবাৰে নাজিৰা মহকুমা প্ৰশাসনৰ লোক অঞ্চলটোত উপস্থিত হৈ পথটোত নিৰ্মাণ কাৰ্য্যত ব্যৱহাৰ হোৱা সামগ্ৰী আঁতৰোৱাৰ লগতে বেৰিকেড বান্ধি পথটো বন্ধ কৰি দিয়ে। তাৰোপৰি নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া প্ৰদীপ কোঁৱৰ আৰু দণ্ডাধীশ প্ৰীতম গগৈৰ নেতৃত্বত যোৱা প্ৰশাসনৰ দলটোৱে অসম নাগালেণ্ড সংযোগী পথটো নগাই ব্যৱহাৰ কৰা গোপন পথটো দ গাঁত খান্দি বন্ধ কৰি দিয়ে৷
Published by:Kokil Sarma
First published: