মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam-Nagaland Border: যোৰহাটৰ নাগালেণ্ড সীমান্তৰ দিচৈভেলীৰ উত্তেজনাপূৰ্ণ অঞ্চলত বৰফ গলোৱাৰ চেষ্টা চৰকাৰৰ

Assam-Nagaland Border: যোৰহাটৰ নাগালেণ্ড সীমান্তৰ দিচৈভেলীৰ উত্তেজনাপূৰ্ণ অঞ্চলত বৰফ গলোৱাৰ চেষ্টা চৰকাৰৰ

News18 Assam | News18-Assam
Updated:July 31, 2021, 10:09 PM IST
Assam-Nagaland Border: যোৰহাটৰ নাগালেণ্ড সীমান্তৰ দিচৈভেলীৰ উত্তেজনাপূৰ্ণ অঞ্চলত বৰফ গলোৱাৰ চেষ্টা চৰকাৰৰ
বিবদমান অঞ্চলত উত্তেজনা প্ৰশমন কৰাৰ লগতে সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

বিবদমান অঞ্চলত উত্তেজনা প্ৰশমন কৰাৰ লগতে সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

  • Share this:

বিগত কিছুদিনৰ পৰা  যোৰহাট জিলাৰ মৰিয়নিৰ দিচৈভেলী সংৰক্ষিত বনাঞ্চলৰ বছৰ বছৰ ধৰি নাগালেণ্ডে বেদখল কৰি থকা বৃহৎ অঞ্চলত সীমান্তৰ দুয়োখন জিলাৰ জনসাধাৰণ আৰু প্ৰশাসনৰ মাজত উত্তেজনাময় পৰিস্থিতি অব্যাহত আছিল। নাগালেণ্ড প্ৰশাসনৰ অসহযোগিতাৰ বাবে দিচৈভেলী সংৰক্ষিত বনাঞ্চলত বেদখল ৰোধ কৰিবলৈ যোৰহাটৰ পৰা বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰিব লগা হৈছিল।


কিন্তু শেহতীয়াকৈ এই উত্তেজনা প্ৰশমন কৰাৰ লগতে সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অসম আৰু নাগালেণ্ড চৰকাৰে ৩১ জুলাইত এখন বিশেষ চুক্তিত স্বাক্ষৰ কৰে। নাগালেণ্ডৰ চুমুকডিমাত শনিবাৰে অনুষ্ঠিত এই অনুষ্ঠানত দুয়োখন ৰাজ্যৰ মুখ্য সচিবৰ লগতে অসমৰ পৰা মন্ত্ৰী ৰণোজ পেগু উপস্থিত থাকে ।


এই চুক্তি অনুসৰি দিচৈভেলী সংৰক্ষিত বনাঞ্চলত শেহতীয়াকৈ অসম আৰক্ষীয়ে স্থাপন কৰা আৰক্ষীৰ পোষ্টটো আঁতৰাই আনিব আৰু নাগাজাংকাত থকা নাগালেণ্ড আৰক্ষীৰ প'ষ্টটোও তাৰ পৰা আঁতৰাই নিয়া হ'ব। আলোচনাৰ মাধ্যমেৰে শান্তিপূৰ্ণভাৱে এই সীমা সমস্যা সমাধান কৰাৰ চেষ্টা কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী ৰণোজ পেগুৱে।



এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত নাগালেণ্ড চৰকাৰৰ উপ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থাকে। আনহাতে দিচৈভেলী সংৰক্ষিত বনাঞ্চলৰ বিবদমান অঞ্চলত দুষ্কৃতিকাৰীয়ে পুনৰ নিয়ম উলংঘা কৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিলে সেয়া নিৰীক্ষণ কৰাৰ বাবে কৃত্ৰিম উপগ্ৰহৰ সহায় ল'ব। এই বিবদমান সীমা কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা নিৰীক্ষণত ৰাখিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।


আনহাতে মৰিয়নিৰ দিচৈভেলীত নগাৰ আগ্ৰাসনক কেন্দ্ৰ কৰি সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত যোৰহাট আৰু মোককচাং জিলা প্ৰশাসনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক শনিবাৰে অনুষ্ঠিত হয়। মৰিয়নিত অনুষ্ঠিত এই উপায়ুক্ত পৰ্যায়ৰ বৈঠকৰ পিছতে দিচৈভেলীত অসম আৰু নাগালেণ্ডে স্থিতাৱস্থা বাহাল ৰখাৰ ক্ষেত্ৰত ঐকমত্য পোষণ কৰে।


বৈঠকত মোককচাং জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তৰ লগতে যোৰহাটৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক উপস্থিত থাকে। দুয়োখন ৰাজ্যৰ আৰক্ষী বেটেলিয়ন দিচৈভেলীৰ পৰা ঘূৰাই নিয়াৰ পোষকতা কৰাৰ লগতে উক্ত অঞ্চলত নিৰপেক্ষ বাহিনী মোতায়েন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।


দুয়োখন জিলাৰ মাজত সমন্বয় স্থাপনৰ বাবে অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ এখন সমিতি গঠন কৰি উভয় ৰাজ্যই সীমান্তত শান্তি–শৃংখলা বৰ্তাই ৰখাত গুৰুত্ব প্ৰদান কৰে । অৱশ্যে  সীমান্তৰ নাগালেণ্ডৰ লোকসকলে এই বৈঠকৰ সিদ্ধান্ত তথা দুয়োখন ৰাজ্যৰ মাজত স্বাক্ষৰিত চুক্তিৰ সিদ্ধান্তসমূহলৈ কিমান সঁহাৰি আগবঢ়ায়, সেয়া আগন্তুক সময়তহে স্পষ্ট হ'ব।

Published by: Gautam Barman
First published: July 31, 2021, 10:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি