মগ্ৰৈ গাঁৱৰ শতাধিক পুৰুষ-মহিলা ওলাই আহি নগা দলটোক ঘেৰাও কৰে।
মগ্ৰৈ গাঁৱৰ শতাধিক পুৰুষ-মহিলা ওলাই আহি নগা দলটোক ঘেৰাও কৰে।
পুনৰ উত্তপ্ত হৈছে মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্ত। অসমৰ মাটিত ৰাজহুৱা শশ্মান নিৰ্মাণত নগাই বাধা প্ৰদান কৰা পিছতে সীমান্তৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তৰ মগ্ৰৈ গাঁৱত ১৭নং পূব নকছাৰী গাঁও পঞ্চায়তে ৩ লাখ ৯০ হাজাৰ টকাৰে অসমৰ ভূমিত নিৰ্মাণ কৰি আছিল ৰাজহুৱা শ্মশানখন।
কিন্তু সমীপৰ চেয়াৰমেন বস্তিৰ নগাই শ্মশানখনৰ নিৰ্মাণকাৰ্য বন্ধ কৰিবলৈ ভয়-ভাবুকি প্ৰদান কৰাত কেইবাদিনো ধৰি নিৰ্মাণকাৰ্য বন্ধ হৈ আছিল। আনহাতে আজি হঠাৎ মগ্ৰৈ গাঁৱৰ নৱনিৰ্মিত শ্মশানস্থলীত উপস্থিত হয় নাগালেণ্ডৰ চেয়াৰমেন বস্তিৰ গাঁওবুঢ়া, নাগালেণ্ডৰ চৰকাৰী এগৰাকী মহিলা দণ্ডাধীশসহ নগা আৰক্ষীৰ এটা বৃহৎ দল আৰু বহুসংখ্যক সাধাৰণ নগা লোক।
এই খবৰ লাভ কৰি মগ্ৰৈ গাঁৱৰ শতাধিক পুৰুষ-মহিলা ওলাই আহি নগা দলটোক ঘেৰাও কৰে। আনহাতে অসম চৰকাৰৰ তৰফৰ পৰা ঘটনাস্থলীত উপস্থিত হয় তিতাবৰৰ মহকুমাধিপতি, দণ্ডাধীশ বিশ্বজিত বৰা তথা মৰিয়নিৰ আৰক্ষীৰ এটা দল।
অসমৰ প্ৰশাসনৰ সন্মুখত নাগালেণ্ডৰ চেয়াৰমেন বস্তিৰ চেয়াৰমেনসহিতে প্ৰশাসনৰ দলটোৱে উক্ত ভূমিত কোনোপধ্যেই শ্মশান বনাবলৈ দিয়া নহ'ব বুলি হুমকি প্ৰদান কৰাত নগা দলটোক মগ্ৰৈ গাঁওৰ পুৰুষ-মহিলাসকলে অসমৰ ভূমিত কিয় বাধা দিব আহিছে বুলি উভতি ধৰা লগতে এই মাটি আমাৰ বুলি দাবী কৰি হুলস্থুল কৰাত নগা দলটো ছত্ৰভংগ দিবলৈ বাধ্য হয়।
কিন্তু অসমৰ ভূমিতে নগাই অসম চৰকাৰৰ নিৰ্মাণকাৰ্য বন্ধ কৰিবলৈ হুমকি দিয়াৰ পিছতো অসমৰ প্ৰশাসনে নীৰৱ ভূমিকা গ্ৰহণ কৰাত মগ্ৰৈ গাঁওবাসীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। উল্লেখ্য যে পূৰ্বতেওঁ অসমৰ মাটিত নগাই বি অ' পি নিমাৰ্ণত বাধা দিছিল।
মন কৰিবগীয়া যে অসমৰ মগ্ৰৈ গাঁৱত নগাৰ ভাবুকিৰ বাবেই নিৰ্মাণ নহ'ল ২০১৯ চনত স্থাপন কৰিবলৈ লোৱা মগ্ৰৈ বি অ' পি। আজি ইয়াৰে সুযোগ লৈ অগ্ৰাসী নগাই যুক্তি প্ৰদৰ্শন কৰে যে মগ্ৰৈ অসমৰ মাটি যদি অসমৰ প্ৰশাসনে কিয় নিৰ্মাণ কৰিবলৈ সক্ষম নহ'ল বি অ' পি।
এই ঘটনাৰ পিছতে মগ্ৰৈ গাঁওবাসীয়ে সীমান্তত নগাৰ বিৰুদ্ধে আজিৰ পৰা অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি নগা লোকৰ যাতায়াত বন্ধ কৰি দিয়াৰ লগতে অৰ্থনৈতিক অৱৰোধ গঢ়ি তোলাৰ হুংকাৰ দিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|