অসম নগালেণ্ড সীমান্তৱৰ্তী নগালেণ্ডৰ নাগিনীমৰাত অসমৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নাগিনীমৰাৰ তুলশিঘাট ওলমা দলঙৰ তলত আজি উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ৷
দিখৌ নদীৰ ওপৰত থকা দলংখনৰ তলত আজি স্থানীয় লোকে প্ৰত্যক্ষ কৰে যুৱকজনৰ মৃতদেহটো৷ প্ৰথম অৱস্থাত মৃত যুৱক জনৰ পৰিচয় লাভ কৰা নাছিল যদিও পৰৱৰ্তী সময়ত মৃত যুৱক জনক চিনাক্ত কৰা হয়৷ মৃত যুৱক জনৰ নাম কৃষ্ণ চাহু, ঘৰ শিৱসাগৰ জিলাৰ গেলেকী দুলাকাষৰীয়া পঞ্চায়তৰ অন্তৰ্গত কলগাঁৱৰ চতুৱা চাপৰিত বুলি জানিব পৰা গৈছে৷ বিগত প্ৰায় এবছৰ ধৰি ব্যৱসায় সূত্ৰে নাগালেণ্ডত বসবাস কৰিছিল যুৱক জনে৷ যুৱক জনৰ মৃত্যুৰ সঠিক কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও যুৱক জনক কোনো লোকে হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে৷
Published by: Kokil Sarma
FIRST PUBLISHED : October 10, 2022, 22:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।