• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Municipal Elections: পৌৰসভা নিৰ্বাচনক লৈ সাজু দৰং জিলা, তিনিটা পৌৰসভাৰ পঞ্চাশ শতাংশ আসন বিচাৰিছে মিত্ৰ দল AGPয়ে

Assam Municipal Elections: পৌৰসভা নিৰ্বাচনক লৈ সাজু দৰং জিলা, তিনিটা পৌৰসভাৰ পঞ্চাশ শতাংশ আসন বিচাৰিছে মিত্ৰ দল AGPয়ে

ছিপাঝাৰ পৌৰসভাত ৪৭গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে।

ছিপাঝাৰ পৌৰসভাত ৪৭গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে।

ছিপাঝাৰ পৌৰসভাত ৪৭গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে।

  • Share this:
আগন্তুক পৌৰসভা নিৰ্বাচনক লৈ সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। দৰং জিলাৰ তিনিটা পৌৰসভা মঙ্গলদৈ, খাৰুপেটীয়া আৰু ছিপাঝাৰত অনুষ্ঠিত হ'ব পৌৰসভা নিৰ্বাচন (municipal elections)। জিলাখনৰ তিনিটা সমষ্টিৰ একমাত্ৰ সমষ্টি ছিপাঝাৰ বিজেপিৰ দখলত আছে আৰু মঙ্গলদৈ সমষ্টি কংগ্ৰেছ (Congress)ৰ দখলত থকাৰ বিপৰীতে দলগাওঁ AIUDFৰ দখলত।

জিলাখনত বিৰোধী শক্তিশালী যদিও বিগত পৌৰসভা নিৰ্বাচনত দলগাওঁ সমষ্টিৰ খাৰুপেটীয়া পৌৰসভা বিজেপিয়ে দখল কৰিছিল। অৰ্থাৎ BJPয়ে সমষ্টি নিজৰ হাতত নথকাৰ পিছতো পৌৰসভা নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছিল, যাৰ কাৰণে খাৰুপেটীয়া পৌৰসভাত বিজেপিৰ টিকটপ্ৰত্যাশী ১১টা ৱাৰ্ডত প্ৰায় ৫৬গৰাকী।

আনহাতে জিলাখনৰ সদৰ মঙ্গলদৈ সমষ্টি (Mangaldai constituency) শাসকীয় পক্ষৰ দখলত নাই, নিজৰ সন্মান ৰক্ষাৰ কাৰণে পৌৰসভাৰ ১০টা ৱাৰ্ড নিজৰ দখলত ৰখাৰ কাৰণে চেষ্টা কৰিব বিজেপিয়ে। বিগত পৌৰসভাৰ মঙ্গলদৈ পৌৰসভাত দহটা ৱাৰ্ডৰ তিনিটা ৱাৰ্ড বিজেপিয়ে নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছিল. কিন্তু নিৰ্দলীয় জয়ী প্ৰাৰ্থীকেইগৰাকী বিজেপিত যোগদান কৰি শেষৰ ফালে পৌৰসভা নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছিল।  জয়ী হোৱাৰ সম্ভাৱনা থকা ৱাৰ্ডকেইটাত বিজেপি প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ ভিৰ বাঢ়িছে দৰং জিলা বিজেপি কাৰ্যালয়ত (BJP office)।

শেহতীয়াভাৱে মঙ্গলদৈৰ দহটা ৱাৰ্ডত ৩৩গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব বিচাৰিছে।আনহাতে জিলাখনত শাসকীয় দলৰ দখলত থকা সমষ্টি ছিপাঝাৰত প্ৰথমবাৰৰ বাবে পৌৰসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ যোৱা ছিপাঝাৰ পৌৰসভাৰ দহটা ৱাৰ্ডত বিজেপিত প্ৰাৰ্থীত্ব প্ৰত্যাশীৰো ভিৰ বাঢ়িছে। ছিপাঝাৰ পৌৰসভাত ৪৭গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে। দৰং জিলাৰ (Darang district) তিনিটা পৌৰসভাৰ ৩১গৰাকী প্ৰাৰ্থী  এতিয়াও চূড়ান্ত কৰিব পৰা নাই শাসক দল বিজেপিয়ে। জিলাখনৰ তিনিটা পৌৰসভাৰ পঞ্চাশ শতাংশ আসন বিচাৰিছে মিত্ৰ দল AGP য়ে। কিন্তু BJP য়ে  দেওবাৰে গুৱাহাটীত জিলা কমিটিৰ সিদ্ধান্ত ক্ৰমে চূড়ান্ত কৰিব প্ৰাৰ্থী তালিকা। সোমবাৰে মনোনয়ন দাখিল কৰিব শাসকীয় দল বিজেপিয়ে। দৰং জিলাৰ ৪৭ হাজাৰ ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি