পাৰ্টী নহয়, প্ৰাৰ্থীহে গুৰুত্বপূৰ্ণ! এই কথাই প্ৰমাণিত হ’ল হাইলাকান্দিত। পৌৰসভা নিৰ্বাচনৰ ফলাফলত হাইলাকান্দি পৌৰসভাৰ ১৬টা ৱাৰ্ডৰ ভিতৰত নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰিলে ১০টা ৱাৰ্ড। তাৰ বিপৰীতে বিজেপিয়ে দখল কৰিবলৈ সক্ষম হয় ৬টা ৱাৰ্ড। জিলাখনত সংখ্যাগৰিষ্ঠতা লাভ কৰিলে নিৰ্দলীয় প্ৰাৰ্থীয়ে।
হাইলাকান্দি পৌৰসভাৰ ১, ৫, ৭, ৮, ৯, ১০, ১১, ১২, ১৩, আৰু ১৬নং ৱাৰ্ডত জয় লাভ কৰে নিৰ্দলীয় প্ৰাৰ্থীয়ে। বিপৰিতে বিজেপী প্ৰাৰ্থীয়ে জয় লাভ কৰে ২, ৩, ৪, ৬, ১৪ আৰু ১৫নং ৱাৰ্ডত।
ইফালে, ৮নং ৱাৰ্ডৰ বিজয়ী প্ৰাৰ্থী উমা চৌধুৰী, ৯নং ৱাৰ্ডৰ ৰাজু চক্ৰৱৰ্তী, ১০নং ৱাৰ্ডৰ ঝৰ্ণা ভৌমিক, ১২নং ৱাৰ্ডৰ চম্পা সেনগুপ্ত আৰু ১৬নং ৱাৰ্ডৰ বিজয়ী সুমিত্ৰা দেৱনাথে দাবী কৰিছিল বিজেপিৰ প্ৰাৰ্থিত্ব। কিন্তু প্ৰাৰ্থিত্ব নাপাই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি অৱশেষত জয় লাভ কৰে। অৰ্থাৎ প্ৰাৰ্থী নিৰ্বাচনত ভুল সিদ্ধান্তই অৱশেষত কাল হ’ল বিজেপিৰ। আনহাতে, এইবাৰ হাইলাকান্দি পৌৰসভা নিৰ্দলীয়ই গঠন কৰে নে নিৰ্দলীয় সমৰ্থিত বিজেপিৰ পৌৰসভা হ’ব তাক লৈ চলিছে চৰ্চা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|