ৰাজ্যৰ আশীখন পৌৰসভাৰ নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ নাজিৰা আৰু শিমলুগুৰি পৌৰসভাতো ঘোষণা হয় পৌৰসভা নিৰ্বাচনৰ ফলাফল। কংগ্ৰেছৰ দুৰ্গ হিচাপে খ্যাত নাজিৰা আৰু শিমলুগুৰি পৌৰসভাত বিপুল ভোটত জয়ী হয় ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী। শিমলুগুৰি পৌৰসভাৰ এটা ৱাৰ্ডতহে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে ৯টা ৱাৰ্ড বিজেপিয়ে দখল কৰে। আনহাতে নাজিৰা পৌৰসভাৰ দহটা ৱাৰ্ড বিজেপি মিত্ৰজোঁটৰ দখলত৷
নাজিৰা পৌৰসভাৰ বিজয়ী প্ৰাৰ্থীসকল :
ৱাৰ্ড নং ১ত বিজেপিৰ বনশ্ৰী দাস(৫৪৭), ৱাৰ্ড নং ২ত বিজেপিৰ গীতাঞ্জলি দত্ত (৩৭৪), ৱাৰ্ড নং ৩ত বিজেপিৰ মঞ্জু মেচ (৫৯৬), ৱাৰ্ড নং ৪ত অগপৰ নাছিমুদ্দিন আহমেদ (১৯৩), ৱাৰ্ড নং ৫ত অগপৰ গুণ গোবিন্দ দত্ত (২৫৮), ৱাৰ্ড নং ৬ত বজেপিৰ শুৱলা দাস (৩১৭), ৱাৰ্ড নং ৭ত বিজেপিৰ ঊষা ৰাণী দাস হাজৰিকা (৩৬৩), ৱাৰ্ড নং ৮ত অগপৰ চিমলী বৰা (২৫৩), ৱাৰ্ড নং ৯ত বিজেপিৰ লখিমী বৰ্মন (৫০৩) আৰু ৱাৰ্ড নং ১০ত বিজেপিৰ বৰ্ণালী চেতিয়া (৫৩৭)জয়ী হয়।
আনহাতে, শিমলুগুৰি পৌৰসভাৰ বিজয়ী প্ৰাৰ্থীসকল ক্ৰমে ৱাৰ্ড নং ১ত বিজেপিৰ প্ৰশিত নাগ (২৮১), ৱাৰ্ড নং ২ত বিজেপিৰ অৱন্তী লাহন (৩০৩), ৱাৰ্ড নং ৩ত বিজেপিৰ চেব্ৰিন ৰহমান (৩৪২), ৱাৰ্ড নং ৫ত বিজেপিৰ বাসন্তী চেতিয়া গগৈ (৩৩৮), ৱাৰ্ড নং ৬ত কংগ্ৰেছৰ স্বপ্না গগৈ শইকীয়া (৪১১), ৱাৰ্ড নং ৭ত বিজেপিৰ পুনম দেৱী (২৪৮), ৱাৰ্ড নং ৮ ত বিজেপিৰ ক্ষীৰোদ শেনছোৱা (৪১০), ৱাৰ্ড নং ৯ত বিজেপিৰ কবিতা মেচ (৩৮২) আৰু ৱাৰ্ড নং ১০ত বিজেপিৰ জয়ন্ত বৰগোহাঁই (১৭৬) আৰু ৱাৰ্ড নং ৪ ত বিজেপিৰ ৰীতু সাগৰ বুঢ়াগোহাঁই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয়।
নাজিৰা আৰু শিমলুগুৰি পৌৰসভা বিভন্ন সমস্যাৰে জৰ্জৰিত। এতিয়া এইসকল জয়ী প্ৰাৰ্থীয়ে কেনেধৰণে নাজিৰা পৌৰসভাৰ আৰু শিমলুগুৰি পৌৰসভাৰ ৱাৰ্ডৰ সমস্যাসমূহৰ সমস্যা সমাধান কৰে সেয়া লক্ষণীয় বিষয় হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|