আজি ঘোষণা কৰা হৈছে পৌৰসভা নিৰ্বাচনৰ ফলাফল। ফলাফল অনুসৰি বিজেপিৰ হাতত একেবাৰে বিধ্বস্ত হৈ পৰিছে কংগ্ৰেছ দল। কংগ্ৰেছী বিধায়ক থকা সমষ্টিৰ ৱাৰ্ডটো বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সমষ্টিৰ বিহপুৰীয়াতো একেবাৰে বিধ্বস্ত হৈ পৰিল কংগ্ৰেছ। বিহপুৰীয়াত ১০ট ৱাৰ্ডৰ ভিতৰত ৯টাত জয়লাভ কৰিছে বিজেপিয়ে। আনহাতে এটা ৱাৰ্ডত জয়লাভ কৰিছে অসম গণ পৰিষদে।
সেইদৰে শিৱসাগৰতো ভেটি হেৰুওৱাৰ দিশে ৰাইজৰ দল। জিলাখনত বিজেপিয়ে দখল কৰিলে পৌৰসভা। ১৪টা ৱাৰ্ডৰ ভিতৰত ১২টা ৱাৰ্ডতে বিজেপি প্ৰাৰ্থীৰ জয়লাভ। মাত্ৰ ২টা ৱাৰ্ডতে জয়লাভ কৰি সন্তুষ্ট থাকিল অখিল গগৈৰ ৰাইজৰ দল।
ইফালে নগাঁও পৌৰসভাৰ ২২টা ৱাৰ্ডত বিজেপিৰ জয়লাভ। ৩টাত অগপ দলে জয়লাভ কৰিছে।
সেইদৰে যোৰহাট পৌৰসভা গঠন কৰিব বিজেপি মিত্ৰজোটে। যোৰহাট পৌৰসভাৰ ১৯টা ৱাৰ্ডৰ ১১ টা ৱাৰ্ডত বিজেপি মিত্ৰজোঁটে জয়লাভ কৰাৰ বিপৰীতে 8 টা ৱাৰ্ড কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|