உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Municipal Election Results: বৰপেটাত বিজেপিতকৈ আগবাঢ়িল অগপ! ২২ ৱাৰ্ডৰ ১১টাত জয়ী অগপ,  বিজেপিৰ দখলত ৯টা ৱাৰ্ড

    Assam Municipal Election Results: বৰপেটাত বিজেপিতকৈ আগবাঢ়িল অগপ! ২২ ৱাৰ্ডৰ ১১টাত জয়ী অগপ,  বিজেপিৰ দখলত ৯টা ৱাৰ্ড

    বৰপেটাত পুনৰ উৰিল অগপৰ বিজয় ধ্বজা ৷

    বৰপেটাত পুনৰ উৰিল অগপৰ বিজয় ধ্বজা ৷

    বৰপেটাত পুনৰ উৰিল অগপৰ বিজয় ধ্বজা ৷

    • Share this:
    বৰপেটাত পুনৰ উৰিল অগপৰ বিজয় ধ্বজা ৷  ২২ টা ৱাৰ্ডৰে গঠিত বৰপেটা পৌৰসভাত অগপৰ দখলত ১১ ৱাৰ্ড ৷ ইয়াৰ বিপৰীতে বিজেপিয়ে ৯টা আৰু নিৰ্দলীয়ৰ ২টা ৱাৰ্ডত বিজয়ী ৷
    ইপিনে অগপৰ দূৰ্গ হিচাপে খ্যাত বৰপেটা পৌৰসভাত অগপৰ ফলাফলক লৈ সন্তুষ্টি প্ৰকাশ কৰে অগপৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে ৷

    বৰপেটা জিলা অগপৰ সভাপতি তথা বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে অগপই বিজেপিৰ সৈতে বুজাবুজিৰে পৌৰসভা গঠন কৰাৰ সপক্ষে মত ব্যক্ত কৰে ৷ বিজেপিৰ মন্ত্ৰী, বিধায়কৰ পৰা আৰম্ভ কৰি বহু নেতাই বৰপেটাত বাহৰ পাতি বিজেপিৰ সপক্ষে ব্যাপক প্ৰচাৰ চলাইছিল ৷ তাৰ পিছতো কিন্তু অগপই অতি সীমিতভাৱে অকলেই নিৰ্বাচনী প্ৰচাৰ চলাই নিজৰ দূৰ্গ অক্ষত ৰাখিবলৈ সক্ষম হয় ৷

    অৱশ্যে বৰপেটা নগৰখনৰ উন্নয়নৰ স্বাৰ্থতে বিজেপিৰ সৈতে সমিলমিলেৰে পৌৰসভা গঠনকলৈ আশাবাদী অগপৰ প্ৰাক্তন বিধায়কজন ৷
    Published by:Himangshu Bhuyan
    First published: