আজি ঘোষিত পৌৰ নিৰ্বাচনৰ ফলাফলত বৰপেটা জিলাৰ বৰপেটাৰোড আৰু সৰভোগ পৌৰসভা বিজেপিৰ দখললৈ গৈছে৷ বৰপেটাৰোড পৌৰসভাৰ ১০টা ৱাৰ্ডৰ ভিতৰত ১০টাতেই বিজেপি প্ৰাৰ্থী জয়ী হৈছে৷ বৰপেটাৰোড চহৰৰ ১নং ৱাৰ্ডত সুৰথি সাহা, ২নং ৱাৰ্ডত ৰিংকু ৰায় পোদ্দাৰ, ৩নং ৱাৰ্ডত সবিতা দেৱনাথ, ৪নং ৱাৰ্ডত দিলীপ কুমাৰ সাহা, ৫নং ৱাৰ্ডত প্ৰীতি ধিৰাচাৰীয়া (অপ্ৰতিদ্বন্দ্বী), ৬নং ৱাৰ্ডত গীতুমণি দাস দেউৰী (অপ্ৰতিদ্বন্দ্বী), ৭নং ৱাৰ্ডত ৰাজেশ সৰকাৰ, ৮নং ৱাৰ্ডত বনজিৎ বৰ্মন, ৯নং ৱাৰ্ডত সুৰেশ চৌধুৰী আৰু ১০নং ৱাৰ্ডত পাৰুল মণ্ডল জয়ী হৈছে৷
বৰপেটাৰোড পৌৰসভাত ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু চি পি আই এম দলে মিত্ৰতা স্থাপন কৰি যৌথভাৱে চহৰখনৰ ৬টাকৈ ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও চৰম মুখথেকেচা খাইছে ৷
অন্যহাতে, সৰভোগ পৌৰসভাত ৭টাকৈ ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে৷ ইয়াৰে ১নং ৱাৰ্ডত হৰিপ্ৰিয়া নাথ (নিৰ্দলীয়), ২নং ৱাৰ্ডত সোণালী গোস্বামী (বিজেপি), ৩নং ৱাৰ্ডত সম্পদ দাস (বিজেপি), ৪নং ৱাৰ্ডত বিকাশ চৌধুৰী (বিজেপি), ৫নং ৱাৰ্ডত নিভাৰাণী দাস (বিজেপি, অপ্ৰতিদ্বন্দ্বী), ৬নং ৱাৰ্ডত জ্যোতিষ দাস (বিজেপি), ৭নং ৱাৰ্ডত হৰেকৃষ্ণ নাথ (চিপিআইএম), ৮নং ৱাৰ্ডত মালবিকা দাস (বিজেপি), ৯নং ৱাৰ্ডত হিতেন দাস (বিজেপি), ১০নং ৱাৰ্ডত আৰতি আৰ্য দাস (নিৰ্দলীয়) জয়ী হৈছে৷
উল্লেখযোগ্য যে সৰভোগ পৌৰসভাত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে চি পি আই এমৰ সৈতে মিত্ৰতা স্থাপন কৰি ২টাকৈ ৱাৰ্ডত আৰু চি পি আই এম দলে ৩টাকৈ ৱাৰ্ডত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও ভাৰতীয় কংগ্ৰেছ দলে এটা ৱাৰ্ডতো জয়লাভ কৰিব নোৱাৰিলে৷ অন্যহাতে, চি পি আই এম দলে সৰভোগ পৌৰসভাত ৩টাকৈ ৱাৰ্ডত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ ৭নং ৱাৰ্ডতহে জয়লাভ কৰে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|