৭টা ৱাৰ্ডত বিজয়েৰে সংসদৰ ৰাজনীতিত আনুষ্ঠানিক প্ৰৱেশ জাতীয় পৰিষদৰ
গুৱাহাটী, ৯ মাৰ্চ: পৌৰসভা নিৰ্বাচনত ৭খন আসনত বিজয় সাব্যস্ত কৰি সংসদীয় ৰাজনৈতিক ব্যৱস্থাত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিলে অসম জাতীয় পৰিষদে৷ আজি হৈ যোৱা ভোটগণনাত জাতীয় পৰিষদৰ টিকটত নামৰূপৰ ৯নং ৱাৰ্ডত প্ৰস্তুতি ফুকন গগৈ, ৰহাৰ ৯ নং ৱাৰ্ডত জোনমণি বৰদলৈ, পাটাচাৰকুচিৰ ১নং ৱাৰ্ডত প্ৰাণজিৎ হালৈ, চাপৰৰ ৬ নং ৱাৰ্ডত চুৰত আলী শ্বেখ, পলাশবাৰীৰ ৫ নং ৱাৰ্ডত সুধন্য কলিতা আৰু ১০ নং ৱাৰ্ডত অৰূপ দাসে বিজয় সাব্যস্ত কৰে৷ আনহাতে নামৰূপৰ ৪টা, মাৰ্ঘেৰিটাৰ ৪টা, নাহৰকটীয়াৰ ৩টা, নাজিৰাৰ এটা, সোণাৰীৰ এটা, মৰাণৰ দুটা, তেজপুৰৰ এটা, ৰঙাপাৰাৰ এটা, নগাঁৱৰ ৪টা, ৰহাৰ ৩টা, ধেমাজিৰ ৩টা, পলাশবাৰীৰ দুটা আৰু ৰঙিয়াৰ এটা ৱাৰ্ডত দ্বিতীয় স্থানত থাকে জাতীয় পৰিষদৰ প্ৰাৰ্থী৷
Tinsukia Municipal Election Results
1 No... Indra Roy BJP
2 No... Pabitra Gogoi BJP
3 No... Pradip Das BJP
4 No... Payal Sharma BJP
5 No... Wahida Begum Independent
6 No... Pushpa Singh BJP
7 No... Mamta Kalwar BJP
8 No... Jayanta Boruah BJP
9 No... Pulok Chetia BJP
10 No... Ashok Agarwal BJP
11 No... Dhiraj Singh AAP
12 No... Nabanita Agarwal BJP
13 No... Babul Sen BJP
14 No... Birja Rani Das Sarkar BJP
15 No... Tarun Singh BJP