உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Municipality Election 2022: এটা পথৰ বাবে নিজৰ ঘৰ এৰি তিনিমাহ ভাড়া ঘৰত থাকিব লাগে এইসকল লোক, পৌৰ নিৰ্বাচনে এওঁলোকক উদ্ধাৰ কৰিবনে!

    Assam Municipality Election 2022: এটা পথৰ বাবে নিজৰ ঘৰ এৰি তিনিমাহ ভাড়া ঘৰত থাকিব লাগে এইসকল লোক, পৌৰ নিৰ্বাচনে এওঁলোকক উদ্ধাৰ কৰিবনে!

    Assam Municipality Election 2022: বৰপেটা পৌৰসভাৰ ১৫ নং ৱাৰ্ডৰ এই পথটো বছৰৰ তিনি মাহৰ অধিক সময় বুৰ গৈ থাকে পানীত ৷

    Assam Municipality Election 2022: বৰপেটা পৌৰসভাৰ ১৫ নং ৱাৰ্ডৰ এই পথটো বছৰৰ তিনি মাহৰ অধিক সময় বুৰ গৈ থাকে পানীত ৷

    Assam Municipality Election 2022: বৰপেটা পৌৰসভাৰ ১৫ নং ৱাৰ্ডৰ এই পথটো বছৰৰ তিনি মাহৰ অধিক সময় বুৰ গৈ থাকে পানীত ৷

    • Share this:
    শতবৰ্ষ গৰকা বৰপেটা পৌৰসভা (Barpeta Municipality Board)গঠনৰ বাবে এইবাৰো হ'ব নিৰ্বাচন ৷ বৰপেটাৰ ২২টা ৱাৰ্ডৰ ভোটাৰসকলে নিৰ্বাচিত কৰি পঠিয়াব ২২ জন ৱাৰ্ড কমিচনাৰ (Ward Commissioner)  ৷ পৌৰসভা গঠন হ'ব আৰু কোটি কোটি টকাৰ আৱণ্টন পাব ৷ ধনবোৰ খৰচ হ'ব ঠিকেই পিচে একেদৰেই থাকিব বৰপেটা পৌৰসভাৰ ৱাৰ্ডসমুহ ৷ বৰপেটা পৌৰসভাৰ ১৫ নং ৱাৰ্ডৰ এটা পথে পৌৰসভাৰ কামৰ নমুনা উদঙাই দিছে।

    বৰপেটা পৌৰসভাৰ ১৫ নং ৱাৰ্ডৰ এই পথটো বছৰৰ তিনি মাহৰ অধিক সময় বুৰ গৈ থাকে পানীত ৷ বাৰিষা আহিলেই  চিন্তিত হৈ পৰে বৰপেটাৰ ১৫ নং ৱাৰ্ডৰ বাসিন্দাসকল ৷ বাৰিষাৰ এজাক বৰষুণতেই পথটোৰে যাতায়াত কৰাটো হৈ পৰে অসহনীয় ৷ এবুকু পৰ্যন্ত পানীৰে পথতো বুৰি থাকে বাৰিষাৰ তিনি মাহ ৷  ৱাৰ্ডটোৰ বাসিন্দাসকলে দৈনন্দিন চলা ফুৰা কৰা বা স্কুল-কলেজ, চিকিৎসালয়লৈ অহা যোৱা কৰাটো হৈ পৰে নৰক যন্ত্ৰণা সদৃশ ৷

    বাৰিষাৰ সময়ত এই পথত বাস কৰা লোকৰ সন্তানক স্কুললৈ অনা-নিয়াৰ ক্ষেত্ৰত হোৱা সমস্যাৰ বাবে বহু পৰিয়ালে বাৰিষাৰ তিনি-চাৰিমাহ অন্য ঠাইত ঘৰ ভাড়া কৰি থাকিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয় ৷ সেয়ে এইবাৰৰ বৰপেটা পৌৰসভাৰ ১৫ নং ৱাৰ্ডৰ বাসিন্দাসকলে তেওলোকৰ দীৰ্ঘদিনীয়া সমস্যাটোৰ সমাধানৰ বাবে বিচাৰিছে এগৰাকী যোগ্য প্ৰাৰ্থী ৷ যিগৰাকী প্ৰাৰ্থীয়ে ৱাৰ্ডটোৰ বাসিন্দাসকলে সন্মুখীন হোৱা যাতায়াত সমস্যাটোৰ সমাধানৰ লগতে পথটো পকীকৰণ কৰিবলৈ সক্ষম হ'ব ৷
    Published by:Manjumoni Borah
    First published: