মোদী মন্ত্ৰীসভাত স্থান পাব নেকি ৰামেশ্বৰ তেলীয়ে? প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ফোন

News18-Assam
Updated:May 30, 2019, 1:04 PM IST
মোদী মন্ত্ৰীসভাত স্থান পাব নেকি ৰামেশ্বৰ তেলীয়ে? প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ফোন
অসমৰ ৰামেশ্বৰ তেলীলৈও ফোন আহিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা। ফোনযোগে তেলীক মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ কোৱা হৈছে।

অসমৰ ৰামেশ্বৰ তেলীলৈও ফোন আহিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা। ফোনযোগে তেলীক মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ কোৱা হৈছে।

  • Share this:
আজি দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। মোদী মন্ত্ৰীসভাত কোনে কোনো স্থান পাব তাক লৈ অব্যাহত আছে জল্পনা–কল্পনা। আজি পুৱা এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। দীৰ্ঘসময় ধৰি দুয়োগৰাকী নেতাৰ মাজত চলিছিল আলোচনা। এই বৈঠকতে মন্ত্ৰীসভাক লৈ আলোচনা হৈছিল মোদী–শ্বাহৰ মাজত। এই গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ফোন যাবলৈ আৰম্ভ কৰিছিল মোদী মন্ত্ৰীসভাত স্থান লাভৰ সম্ভাৱনা থকা সাংসদসকললৈ।

সূত্ৰ অনুসৰি, অসমৰ ৰামেশ্বৰ তেলীলৈও ফোন আহিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা। ফোনযোগে তেলীক মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ কোৱা হৈছে। ডিব্ৰুগড়ৰ পৰা দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছে তেলী। আজি বিয়লি ৪.৩০ বজাত নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলৈ কোৱা হৈছে ৰামেশ্বৰ তেলীক। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এই ফোনকলে এতিয়া ৰামেশ্বৰ তেলীৰ মোদী মন্ত্ৰীসভাত স্থান লাভৰ আশা সজীৱ কৰি তুলিছে। আনহাতে, মোদী মন্ত্ৰীসভাৰ সম্ভাৱ্য তালিকাত আছে অৰুণাচল প্ৰদেশৰ কিৰেণ ৰিজিজুৰ নামো।
First published: May 30, 2019, 1:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading