• Home
  • »
  • News
  • »
  • assam
  • »
  • চন্দ্ৰমোহন পাটোৱাৰী ইতিহাসপ্ৰসিদ্ধ ফাঁকিবাজ – দিল্লীত মন্তব্য সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

চন্দ্ৰমোহন পাটোৱাৰী ইতিহাসপ্ৰসিদ্ধ ফাঁকিবাজ – দিল্লীত মন্তব্য সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই বৰ্ষাৰণ্যৰ ধ্বংসযজ্ঞ হৈছে বুলি মন্তব্য বৰদলৈৰ।

সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই বৰ্ষাৰণ্যৰ ধ্বংসযজ্ঞ হৈছে বুলি মন্তব্য বৰদলৈৰ।

সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই বৰ্ষাৰণ্যৰ ধ্বংসযজ্ঞ হৈছে বুলি মন্তব্য বৰদলৈৰ।

  • Share this:
    মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ইতিহাসপ্ৰসিদ্ধ ফাঁকিবাজ আখ্যা দিলে নৱনিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। দিল্লীত এক সংবাদমেলত প্ৰদ্যুৎ বৰদলৈয়ে কয় যে পাটোৱাৰীয়ে মোক উদ্দেশ্যপ্ৰণোদিতভাৱে আক্ৰমণ কৰিছে। গ্ৰীন হাউছ, চেল’ টিউৱেল কেলেংকাৰীৰ সৈতে পাটোৱাৰী জড়িত থকাৰো অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে।

    সংবাদমেলত প্ৰদ্যুৎ বৰদলৈয়ে কয় – ‘এডভাণ্টেজ আছামৰ নামতো চন্দ্ৰমোহন পাটোৱাৰীয়ে মিছাৰ আশ্ৰয় ল’লে। কাগজ কল বন্ধৰ হোৱাৰ সময়তো তেওঁ কেন্দ্ৰৰ পৰা ধন অনা বুলি মিছা মাতিছিল।’

    মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈও আঙুলি টোঁৱালে প্ৰদ্যুৎ বৰদলৈয়ে। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই বৰ্ষাৰণ্যৰ ধ্বংসযজ্ঞ হৈছে বুলি মন্তব্য বৰদলৈৰ। সোণোৱালৰ ছত্ৰছায়াতে পৰিৱেশ বিনষ্ট কৰি কয়লাৰ ৰমৰমীয়া ব্যৱসায় চলিছে বুলি মন্তব্য। মাহত প্ৰায় ৩০০ কোটি টকাৰ কয়লাৰ চোৰাং ব্যৱসায় হয় বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে বৰদলৈয়ে।

    সুনীল গুৰুং আৰু গোবিন চেত্ৰী নামৰ দুজনৰ জৰিয়তে লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে নিতৌ প্ৰতিখন কয়লাৰ গাড়ীৰ পৰা ৩৫ হাজাৰ টকাকৈ সংগ্ৰহ কৰে বুলিও সংবাদমেলত মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে। তিনিচুকীয়া মহকুমাৰ ডিগবৈ উপ–সংমণ্ডলৰ ১১খন
    সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে চলি আছে কয়লাৰ অবাধ খনন। তিনিচুকীয়া জিলা প্ৰশাসন, আৰক্ষী সকলোৰে চকুৰ সন্মুখত দিনে–নিশাই ২০ হাজাৰ হেক্টৰ বনাঞ্চলত কয়লা খনন চলিছে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে।
    First published: