চিকিৎসাৰ অভাৱত জীৱন-মৃত্যুৰে যুঁজিছে অসম আন্দোলনত যোগ দিয়া ভৱেন চন্দ্ৰ কলিতাই

News18 Assam | News18-Assam
Updated:September 2, 2020, 12:36 PM IST
চিকিৎসাৰ অভাৱত জীৱন-মৃত্যুৰে যুঁজিছে অসম আন্দোলনত যোগ দিয়া ভৱেন চন্দ্ৰ কলিতাই
খাদ্যনলীৰ জটিল ৰোগত আক্ৰান্ত কলিতাৰ চিকিৎসাৰ বাবে ইতিমধ্যে পৰিয়ালটোৱে বিক্ৰী কৰিছে হালৰ গৰু, সোণৰ গহণা, মাটি–সম্পত্তি সকলো।

খাদ্যনলীৰ জটিল ৰোগত আক্ৰান্ত কলিতাৰ চিকিৎসাৰ বাবে ইতিমধ্যে পৰিয়ালটোৱে বিক্ৰী কৰিছে হালৰ গৰু, সোণৰ গহণা, মাটি–সম্পত্তি সকলো।

  • News18 Assam
  • Last Updated: September 2, 2020, 12:36 PM IST
  • Share this:
অসম আন্দোলনত যোগ দিয়া এগৰাকী লোকৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। চিকিৎসাৰ অভাৱত জীৱন-মৃত্যুৰে যুঁজিছে তেওঁ। উপায়বিহীন হৈ অৱশেষত স্বামীৰ চিকিৎসাৰ বাবে অমৰণ অনশনত বহিল পত্নী। চৈধ‍্য বছৰৰ পৰা বিচনাখনকেই সংগী কৰি জীয়াই আছে অসম আন্দোলনৰ নিৰ্যাতিত ভবেন চন্দ্ৰ কলিতা।

খাদ্যনলীৰ জটিল ৰোগত আক্ৰান্ত কলিতাৰ চিকিৎসাৰ বাবে ইতিমধ্যে পৰিয়ালটোৱে বিক্ৰী কৰিছে হালৰ গৰু, সোণৰ গহণা, মাটি–সম্পত্তি সকলো।  উৱলি যোৱা ঘৰৰ চাৰি বেৰৰ ভিতৰতে আবদ্ধ ভবেন চন্দ্ৰ কলিতাই যোৱা সাত মাহৰ পৰা খাব পৰা নাই খাদ্য।

চেলাইন লৈ কোনোমতে জীয়াই থকা কলিতাক ইতিমধ্যে জিএমচিএইচ ৰ পৰা ভেল'ৰলৈ উন্নত চিকিৎসাৰ বাবে ৰেফাৰ কৰা হৈছে। কিন্তু পইচাৰ অভাৱত এতিয়াও সেয়া সম্ভৱ হৈ উঠা নাই। সকলো ধৰণৰ চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ বৰ্তমান বিচনাত পৰি থকা কলিতাৰ সু-চিকিৎসা আৰু ন‍্যায‍্যপ্ৰাপ্তিৰ দাবীত স্বামী–স্ত্ৰীয়ে ঘৰতেই বহিছে অনশনত।

উল্লেখ্য যে বিজেপি চৰকাৰৰ প্ৰথম এশ দিনৰ কাৰ্যসূচী আছিল অসম আন্দোলনত নিৰ্যাতনৰ বলি হোৱাসকলৰ সংস্থাপনৰ ব‍্যৱস্থা কৰাৰ লগতে সাহায্য প্ৰদান কৰা। কিন্তু ৰঙিয়াৰ বালিসত্ৰৰ ভবেন চন্দ্ৰ কলিতা এতিয়া অৰ্থৰ অভাৱত বিনা চিকিৎসাই শয্যাগত হৈ থাকিবলগীয়া হৈছে। পতি–পত্নী দুয়োৰে অনুৰোধ, চৰকাৰে যাতে পৰিয়ালটোক সংস্থাপনৰ ব‍্যৱস্থা কৰি দিয়ে।
Published by: Sanjay Kumar Das
First published: September 2, 2020, 12:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি