ডিব্ৰুগড় লাহোৱাল সমষ্টিৰ যুৱ বিধায়ক ঋতুপৰ্ণ বৰুৱা এইবাৰ খেতিয়কৰ ৰূপত। লগতে খেতিত নামিল বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত। ডিব্ৰুগড়ৰ খনিকৰত বোকাত নামি বিজেপিৰ বিধায়ক, কৰ্মীয়ে মাটি চহাই পাৰিলে কঠীয়া।
![]()
চলিত বছৰটোত বিধ্বংসী বানত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ডিব্ৰুগড়টো হাজাৰ হাজাৰ কৃষি ভূমি পানীৰ তলত। যাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা কৃষকৰ। তেনে সময়তে কৃষকক কিছু সকাহ দিয়াৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ খনিকৰৰ চৰকাৰী মাটিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত কঠীয়া পৰাৰ এক ব্যতিক্ৰমী আঁচনি আৰম্ভ কৰে লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই।
![]()
আঁচনিৰ অধীনত বানত ক্ষতিৰ সন্মুখীন হোৱা কৃষকৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব এই কঠীয়া। যাতে বানৰ পাছত ভূঁই ৰুই বছৰটোৰ বাবে ভাত কেইটা মোকলাব পাৰে সাধাৰণ তথা দুখীয়া কৃষকে।
![]()
৫ হেক্টৰতকৈ অধিক ভূমিত উন্নত মানৰ ধানৰ বীজ সিঁচা আৰম্ভ কৰিছে। বিধায়ক ঋতুপৰ্ণ বৰুৱাই নিজে টেক্টৰ চলোৱাৰ লগতে মূৰত গামোচা মাৰি হাতত ধানৰ বীজ লৈ বোকাত নামি পাৰিলে কঠীয়া। আনহাতে বিধায়ক গৰাকীক সংগ দিয়ে জিলা পৰিষদৰ পুষ্পাঞ্জলী সোণোৱাল, বিজেপিৰ নেতা সুভাষ দত্ত, অসীম হাজৰিকা, কৃষি বিভাগৰ বিষয়ববীয়া সকলে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|