உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Shiv Sena MLAs in Guwahati: কিনা-বেচাৰ ৰাজনীতিত জড়িত মহাৰাষ্ট্ৰৰ বিধায়কক অসমৰ পৰা খেদি পঠিওৱাৰ হুংকাৰ অখিল গগৈৰ

    Shiv Sena MLAs in Guwahati: কিনা-বেচাৰ ৰাজনীতিত জড়িত মহাৰাষ্ট্ৰৰ বিধায়কক অসমৰ পৰা খেদি পঠিওৱাৰ হুংকাৰ অখিল গগৈৰ

    Shiv Sena MLAs in Guwahati: কিনা বেচা ৰাজনীতিত জড়িত মহাৰাষ্ট্ৰৰ  বিধায়ক সকলক  অসম এৰি যোৱাৰ দাবী জনাইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

    Shiv Sena MLAs in Guwahati: কিনা বেচা ৰাজনীতিত জড়িত মহাৰাষ্ট্ৰৰ  বিধায়ক সকলক  অসম এৰি যোৱাৰ দাবী জনাইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

    Shiv Sena MLAs in Guwahati: কিনা বেচা ৰাজনীতিত জড়িত মহাৰাষ্ট্ৰৰ  বিধায়ক সকলক  অসম এৰি যোৱাৰ দাবী জনাইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

    • Share this:
    কিনা বেচা ৰাজনীতিত জড়িত মহাৰাষ্ট্ৰৰ বিধায়ক (Maharshtra MLA) সকলক  অসম এৰি যোৱাৰ দাবী জনাইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ (Akhil Gogoi)য়ে। "কিনা-বেচাৰ ৰাজনীতি কৰি চৰকাৰ ভঙা-পতাৰ অংক কৰা মহাৰাষ্ট্ৰৰ বিধায়ক সকলে নিজেই অসম এৰি যাওক। অন্যথা আমি ৰাইজৰ দলে খেদি অসমৰ পৰা বাহিৰ কৰি দিম।" শিৱসাগৰ যুৱ দ'লত ৰাইজৰ দল (Raijar Dal)ৰ বৃহৎ যোগদান কাৰ্যসূচীৰ অন্তত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অখিল গগৈয়ে।

    তেওঁ কয় "অসমীয়া মানুহ বৰ্তমান সংকটৰ গৰাহত পৰি আছে। এনে অৱস্থাত বিজেপিৰ ওচৰত বিক্ৰী যোৱা মহাৰাষ্ট্ৰৰ এসোপামান মানুহ অসমত বাহৰ পাতি চৰকাৰ ভঙা-পতা কাম কৰিছেহি। যি দলৰে নহওক কিয়  কিনা-বেচা ৰাজনীতি কৰা বিধায়ক সকলক গৰিহণা দিছোঁ।"

    উল্লেখযোগ্য যে শিৱসাগৰত আজি  ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহ সম্পন্ন হয়।
    সমষ্টিৰ ১৮ খন পঞ্চায়তৰ প্ৰায় পাঁচ শতাধিক লোকে ৰাইজৰ দলত যোগদান কৰে। । যোগদান কৰা সদস্য সকলৰ ভিতৰত সৰহ সংখ্যকেই কংগ্ৰেছ (Congress) আৰু বিজেপি (BJP) দলৰ সদস্য বুলি জানিব পৰা গৈছে। ৰাইজৰ দলত থাকি সততাৰে কাম কৰি যাবলৈ নতুন সদস্যক আহ্বান জনালে অখিল গগৈয়ে।

    অসমত এতিয়া বিজেপিৰ বিকল্প ৰাইজৰ দল বুলি মন্তব্য কৰে অখিল গগৈয়ে।
    Published by:Manjumoni Borah
    First published: