உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Akhil Gogoi : গাঁও অঞ্চলত ঘৰ বান্ধিলেও দিব লাগিব কৰ! অখিল গগৈয়ে ক’লে – এয়া মানি লোৱা নহ’ব

    Akhil Gogoi : গাঁও অঞ্চলত ঘৰ বান্ধিলেও দিব লাগিব কৰ! অখিল গগৈয়ে ক’লে – এয়া মানি লোৱা নহ’ব

    অখিল গগৈৰ প্ৰশ্ন, অসমীয়াই বিহু পাতিব লাগিলে বিজেপিৰ অনুমতি ল’ব লাগিব নেকি?

    অখিল গগৈৰ প্ৰশ্ন, অসমীয়াই বিহু পাতিব লাগিলে বিজেপিৰ অনুমতি ল’ব লাগিব নেকি?

    অখিল গগৈৰ প্ৰশ্ন, অসমীয়াই বিহু পাতিব লাগিলে বিজেপিৰ অনুমতি ল’ব লাগিব নেকি?

    • Share this:
    গাঁও অঞ্চলত গৃহ নিৰ্মাণৰ সলনি হৈছে নিয়ম৷ গাঁও অঞ্চলত গৃহ নিৰ্মাণ কৰিলে এতিয়াৰ পৰা ল’ব লাগিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অনুমতি৷ নতুন চৰকাৰৰ নতুন নিয়ম৷ নতুন নিয়ম অনুসৰি গৃহ নিৰ্মাণৰ অনুমতিৰ বাবদ গাঁওবাসীয়ে ভৰিব লাগিব অতিৰিক্ত ধন৷

    পঞ্চায়ত আৰু গ্ৰমোন্নয়ণ বিভাগৰ নতুন কৰ নীতিৰ বিৰুদ্ধে ক্ষোভ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ৷ অখিল গগৈয়ে কয়, ‘‘এই ব্যৱস্থাৰ তীব্ৰ প্ৰতিবাদ কৰিছো, এই কৰ নীতি মানি লোৱা নহব৷ ব্যৱসায়ী, ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিলে কৰ দিব লাগিব, এয়া সম্ভৱ নহয়৷ এই ব্যৱস্থা জাতিবিদ্বেষী, গ্ৰাম্য জীৱন ধ্বংস কৰিব লোৱা এক নীতি৷’’

    অখিল গগৈৰ প্ৰশ্ন, অসমীয়াই বিহু পাতিব লাগিলে বিজেপিৰ অনুমতি ল’ব লাগিব নেকি? নে অসমীয়াৰ প্ৰতিটো কাম কাজত আৰ আৰ এছ, নাগপুৰৰ অনুমতি লোৱাটো এতিয়া অন্যতম কাম? সেয়ে এই কৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ দাবী অখিল গগৈৰ৷ অসমৰ খেতিয়কৰ ওপৰত কৰ আৰোপ হ’ব নোৱাৰে৷ কোভিড মহামাৰীয়ে জুৰুলা কৰিছে জনতাক, তাৰ পিছত এই কৰ কিদৰে সম্ভৱ বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।
    Published by:Sanjay Kumar Das
    First published: