অসম আৰক্ষীৰ ওপৰত লাইট মেচিনগানেৰে আক্ৰমণ কৰিছিল মিজো আৰক্ষীয়ে। গুলীচালনাৰ দৃশ্য ইমানে ভয়াবহ আছিল যে অসম–মিজোৰামৰ আন্তঃৰাজ্যিক সীমান্তৰ ছবিখন আন্তঃৰাষ্ট্ৰীয় সীমালৈ পৰিৱৰ্তিত হৈছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে মিজো আৰক্ষীয়ে লাইট মেচিনগান ব্যৱহাৰ কৰাৰ স্পষ্ট প্ৰমাণ পোৱা হৈছে।
Clear evidences are now beginning to emerge that unfortunately show that Mizoram Police has used Light Machine Guns (LMG) against personnel of @assampolice. This is sad, unfortunate and speaks volumes about the intention and gravity of the situation.
— Himanta Biswa Sarma (@himantabiswa) July 26, 2021
আনহাতে, সীমান্তত এতিয়াও যুদ্ধকালীন ততপৰতা বিৰাজমান হৈ আছে। জানিব পৰা মতে, লাইলাপুৰ সীমান্তত অসমৰ ১১৯ নং বেটেলিয়ন আৰু মিজোৰামৰ ২২৫ নং বেটেলিয়ন নিয়োগ কৰা হৈছে।
ইয়াল লগতে ঘটনাত মৃতকৰ সংখ্যা ৭গৰাকীলৈ বৃদ্ধি হৈছে। ইয়াৰে ছগৰাকী আৰক্ষী জোৱান হৈছে চামচুদ জামান, স্বপন কুমাৰ ৰয়, মাজৰুল হক, লিটন শুক্লবৈদ্য, সমুজ্জ্বল বৰভূঞা আৰু নজৰুল হক লস্কৰ। ঘটনাত নিহত হোৱা আনগৰাকী অসামৰিক লোকক চিনাক্ত কৰিব পৰা হোৱা নাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|