পুনৰ বিস্ফোৰণত কঁপিল হাইলাকান্দি জিলাৰ অসম–মিজোৰাম আন্তঃৰাজ্যিক সীমান্ত। যোৱানিশা প্ৰায় ১১.৩০ বজাত পুনৰ মিজো দুৰ্বৃত্তই অসমৰ এখন চৰকাৰী বিদ্যালয়ত গ্ৰেনেড নিক্ষেপ কৰে। হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ কচুৰথল অঞ্চলৰ ছাহেবমাৰা ফাকুয়াপুঞ্জি নিম্ন প্ৰাথমিক বিদ্যালয়ত যোৱানিশা মিজোৰামৰ ফালৰ পৰা অহা অচিনাকি দুৰ্বৃত্তই নিক্ষেপ কৰে এই গ্ৰেনেড।
এই গ্ৰেনেড নিক্ষেপৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বিদ্যালয় গৃহ। বৰ্তমান হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায় আৰু ৰামনাথপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লিটন নাথৰ নেতৃত্বত আৰক্ষী বাহিনী গৈ ঘটনাস্থলীত উপস্হিত হৈছে।
উল্লেখ্য, ইয়াৰ পূৰ্বে যোৱা ফেব্ৰুৱাৰী মাহত একে এলেকাৰ মুল্লিবালা নিম্ন প্ৰথমিক বিদ্যালয়ত শিক্ষা বিভাগৰ ফালৰ পৰা নিৰ্মাণ হোৱা শৌচালয় আৰু পানীৰ টেংকিত বোমা বিস্ফোৰণ কৰিছিলে মিজো দুৰ্বৃত্তই। যোৱা ২৬ জুলাইত কাছাৰ জিলাৰ লাইলাপুৰত মিজোৰাম আৰক্ষী আৰু একাংশ মিজো দুৰ্বৃত্তই আক্ৰমণ চলাই হত্যা কৰিছিল ৬গৰাকী অসম আৰক্ষীৰ জোৱানক।
ইয়াৰ প্ৰতিবাদত অসমৰ ৰাইজে মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক প্ৰতিবাদ কৰিছিল। কিন্তু ৰাজ্য চৰকাৰে মিজোৰামৰ লগত শান্তি আলোচনাত বহি অসমৰ ৰাইজক হেঁচা প্ৰয়োগ কৰি অৱৰোধ মুক্ত কৰিছিল।
ইপিনে এই ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই কাৰ্যত মিজো সংগঠন MZP আৰু YMA জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জহিৰ উদ্দিন লস্কৰে। লগতে মিজোৰামে এনে দুষ্কাৰ্য বন্ধ নকৰিলে আকৌ অৰ্থনৈতিক অৱৰোধ গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে কৃষক নেতা জহিৰ উদ্দিনে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|