গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ–পূবৰ সকলো মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ পিছতে আজি অসম–মিজোৰাম সীমান্তত সংঘটিত উদ্বেগজনক সংঘৰ্ষই জোকাৰি গৈছে ৰাজ্যকে ধৰি ৰাষ্ট্ৰীয় ৰাজনীতি। অসমৰ কাছাৰ জিলা আৰু মিজোৰামৰ কোলাচিব জিলাৰ সীমান্ত অঞ্চলৰ পৰা চৰকাৰী বাহনৰ ওপৰত গুলীচালনা আৰু আক্ৰমণত ইতিমধ্যে আৰক্ষী জোৱানকে ধৰি ৬গৰাকী লোক নিহত তথা বহুকেইগৰাকী আহত হৈছে।
এই ঘটনাৰ সমান্তৰালভাৱে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে টুইটাৰত নিজৰ নিজৰ স্থিতি প্ৰকাশ কৰি গৈছিল। টুইটাৰযোগে দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তেওঁলোকৰ নিজ নিজ পোষ্ট টেগ কৰিছিল।
হাতে হাতে লাঠী লৈ ওলাই অহা এটা ভিডিঅ' টুইট কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰমাথাংগাই গৃহমন্ত্ৰী শ্বাহৰ হস্তক্ষেপ দাবী কৰি কৈছিল– "এতিয়া এয়া বন্ধ হোৱা উচিত।"
Shri @AmitShah ji….kindly look into the matter.
This needs to be stopped right now.#MizoramAssamBorderTension @PMOIndia @HMOIndia @himantabiswa @dccachar @cacharpolice pic.twitter.com/A33kWxXkhG
— Zoramthanga (@ZoramthangaCM) July 26, 2021
Innoncent couple on their way back to Mizoram via Cachar manhandled and ransacked by thugs and goons.
How are you going to justify these violent acts?@dccachar @cacharpolice @DGPAssamPolice pic.twitter.com/J9c20gzMZQ
— Zoramthanga (@ZoramthangaCM) July 26, 2021
Honble @ZoramthangaCM ji , Kolasib ( Mizoram) SP is asking us to withdraw from our post until then their civilians won't listen nor stop violence. How can we run government in such circumstances? Hope you will intervene at earliest @AmitShah @PMOIndia pic.twitter.com/72CWWiJGf3
— Himanta Biswa Sarma (@himantabiswa) July 26, 2021
I have just spoken to Hon’ble Chief Minister @ZoramthangaCM ji.I have reiterated that Assam will maintain status quo and peace between the borders of our state. I have expressed my willingness to visit Aizawl and disscuss these issues if need be @AmitShah @PMOIndia
— Himanta Biswa Sarma (@himantabiswa) July 26, 2021
মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ এটা টুইটৰ উত্তৰ জোৰামথাংগাই দিছিল এইদৰে–
Hon'ble @himantabiswa ji, as discussed I kindly urge that Assam Police @assampolice be instructed to withdraw from Vairengte for the safety of civilians. @narendramodi @AmitShah @PMOIndia @HMOIndia https://t.co/wHtMPhFRpP
— Zoramthanga (@ZoramthangaCM) July 26, 2021
এনে ঘটনাৰ মাজতো সংঘৰ্ষ চলি থাকে সীমান্তত। যি পৰিস্থিতিৰ বাবে ৬গৰাকী লোক নিহত হ'বলগীয়া হয়।
উল্লেখ্য, আইজল, কোলাচিব আৰু মামিত হৈছে মিজোৰামৰ তিনিখন জিলা, যাৰ ভিতৰত আছে অসমৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলা। দৈৰ্ঘ্য দূৰত্বৰ আন্তঃৰাজ্যিক সীমা আছে যদিও সীমান্তৰ এই "বিতৰ্কিত" অংশটোত প্ৰায়ে সংঘাত হৈ আহিছে। দুয়ো ৰাজ্যৰ বাসিন্দাসকলে ইজনে সিজনৰ ওপৰত অনুপ্ৰৱেশৰ অভিযোগ উত্থাপন কৰি আহিছে।
সংবাদ সংস্থা পিটিআইক মিজোৰামৰ এছ পিয়ে জনোৱা অনুসৰি, কালি দেওবাৰে নিশা ১১.৩০ বজাত মিজোৰামৰ আইটলং নামৰ ঠাইত কোনো দুৰ্বৃত্তই ৮টা মিজোৰামৰ মাটিত থকা খেতিপথাৰৰ পামঘৰ জ্বলাই দিছিল। এই কথাই উত্তেজিত কৰি ৰাখিছিল মিজো নাগৰিকক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|