মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Border: অসমৰ মুখ্যমন্ত্ৰীৰ শপত লোৱাৰ দিনালৈ যাৰ যি ‘position’ সেয়াই সীমা হওক ! CM হিমন্ত বিশ্ব শৰ্মাই মিজোৰামক দিছিল এই প্ৰস্তাৱ...

Border: অসমৰ মুখ্যমন্ত্ৰীৰ শপত লোৱাৰ দিনালৈ যাৰ যি ‘position’ সেয়াই সীমা হওক ! CM হিমন্ত বিশ্ব শৰ্মাই মিজোৰামক দিছিল এই প্ৰস্তাৱ...

News18 Assam | News18-Assam
Updated:July 29, 2021, 8:50 AM IST
Border: অসমৰ মুখ্যমন্ত্ৰীৰ শপত লোৱাৰ দিনালৈ যাৰ যি ‘position’ সেয়াই সীমা হওক ! CM হিমন্ত বিশ্ব শৰ্মাই মিজোৰামক দিছিল এই প্ৰস্তাৱ...
অসম আৰু মিজোৰামৰ সীমা সমস্যা চিৰকালৰ কাৰণে নিষ্পত্তি কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিজোৰামক দিছিল দুটা প্ৰস্তাৱ । দীৰ্ঘ দিনীয়া এই সীমাক লৈ সংঘাতৰ ওৰ পেলাবলৈ তেওঁ প্ৰস্তাৱ দিছিল দুটা দিনৰ।

অসম আৰু মিজোৰামৰ সীমা সমস্যা চিৰকালৰ কাৰণে নিষ্পত্তি কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিজোৰামক দিছিল দুটা প্ৰস্তাৱ । দীৰ্ঘ দিনীয়া এই সীমাক লৈ সংঘাতৰ ওৰ পেলাবলৈ তেওঁ প্ৰস্তাৱ দিছিল দুটা দিনৰ।

  • Share this:
অসম আৰু মিজোৰামৰ সীমা সমস্যা চিৰকালৰ কাৰণে নিষ্পত্তি কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিজোৰামক দিছিল দুটা প্ৰস্তাৱ । দীৰ্ঘ দিনীয়া এই সীমাক লৈ সংঘাতৰ ওৰ পেলাবলৈ তেওঁ প্ৰস্তাৱ দিছিল দুটা তাৰিখৰ । সেই দুই বিশেষ তাৰিখলৈ যাৰ দখলত যিমান ভূমি আছে সেয়াই স্থায়ী সীমা হওক, এই চিন্তা আগত ৰাখি তেওঁ আগবঢ়াইছিল এই প্ৰস্তাৱ । তাৰে এটা তাৰিখ আছিল ১এপ্রিল ২০২০ যেতিয়া Covid মহামাৰীৰ আৱিৰ্ভাৱ হৈছিল আৰু আনটো ১০ মে ২০২১ যিদিনা খন হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ।

অসম চৰকাৰৰ নগৰ উন্নয়ন আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংঘলে বুধবাৰে কাছাৰ জিলাৰ পৰা News18 অসমৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই সন্দৰ্ভত সবিস্তাৰে বৰ্ণনা আগবঢ়ায় । তেওঁ কয় – “এই সমস্যাৰ সমাধান হ’ব লাগে; অসমে জেষ্ঠ ভাতৃৰ ভূমিকা লৈছে; এটা দিন ঠিক কৰা লোৱা হওক আৰু তেতিয়ালৈ যাৰ যি position আছে সেইটো হস্তগত কৰি লোৱা হওক; কিন্তু মিজোৰামে সদায় ভূমি দখল কৰি থাকিব আৰু অসম নীৰৱ হৈ থাকিব সেয়া নচলিব; Covid-19 মহামাৰী আৰম্ভ হোৱাত অসম ব্যস্ত হ’ল ইয়াৰ মোকাবিলা কৰাত কিন্তু তেওঁলোক মাটি বেদখল কৰাত লাগি আছিল; তথাপিও অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰস্তাৱ দিলে ১এপ্রিল ২০২০লৈ যি মাটি যাৰ দখলত আছে তাকে সীমা মানি লোৱা হওক; আৰু তাকো যদি নামানে যিদিনাখন হিমন্ত বিশ্ব  শৰ্মাই শপত লৈছে সেই দিনালৈ যাৰ যি position আছে সেয়া লৈ লওক আৰু বিবাদ শেষ কৰক ।“

তেওঁ লগতে কয় – মিজোৰাম সমস্যাটোৰ মীমাংসা কৰি সমাধান কৰাৰ পক্ষত নাই যাৰ কাৰণে প্ৰস্তাৱ দুটা গ্ৰহণ নকৰিলে । মন্ত্ৰী গৰাকীক অসমৰ মুখ্যমন্ত্ৰীৰ সেই প্ৰস্তাৱ এতিয়াও বাহাল আছেনে সেই প্ৰশ্নৰ অৱতাৰণা কৰাত তেওঁ কয় – “এতিয়াও তেনে প্ৰস্তাৱৰ কথা নাহে; কাৰণ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰিলে আৰু বিতৰ্কিত ভূমিত কেন্দ্ৰীয় বাহিনী প্ৰেৰণ কৰা হৈছে । অৱশ্যে তেওঁ অসম এতিয়াও শান্তিৰ প্ৰস্তাৱ দিবলৈ সাজু বুলি মন্তব্য কৰি কয় – কোনোবাই বলপূৰ্বক মাটি লৈ যাব সেয়া হ’ব নোৱাৰে ।

উল্লেখযোগ্য যে ২৬ জুলাইৰ ঘটনাৰ পিছত কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাই দুই ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক দিল্লীলৈ তলব কৰে । ২৭ জুলাই তাৰিখে দিল্লীত হোৱা এক লানি আলোচনাৰ অন্তত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সেই সিদ্ধান্ত মৰ্মে বিতৰ্কিত ভূমিত শান্তি বাহাল ৰাখিবলৈ এজন জেষ্ঠ বিষয়াৰ তদাৰকত অহৰ্নিশে পহৰা দিব কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীয়ে আৰু অসম তথা মিজোৰাম চৰকাৰে সমাধানসূত্ৰ বিচাৰি আলোচনা আগুৱাই লৈ যাব ।
Published by: Kokil Sarma
First published: July 29, 2021, 8:50 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি