உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আকৌ উত্তপ্ত হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্ত ! সীমান্তত বিস্ফোৰণ মিজো দুৰ্বৃত্তৰ...

    আকৌ উত্তপ্ত হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্ত ! সীমান্তত বিস্ফোৰণ মিজো দুৰ্বৃত্তৰ...

    পুনৰ উত্তপ্ত হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্ত । সীমান্তৱৰ্তী কচুৰথলত আকৌ উত্তেজনা । নিশা আন্ত:ৰাজ্য সীমান্তত থকা ভাইছেৰা বিঅ'পিৰ সমীপত বিষ্ফোৰণ । জিলেটিন ষ্টিক ব্যবহাৰ কৰি বিষ্ফোৰণ কৰাৰ সন্দেহ আৰক্ষীৰ ।

    • Share this:
    পুনৰ উত্তপ্ত হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্ত । সীমান্তৱৰ্তী কচুৰথলত আকৌ উত্তেজনা । নিশা আন্ত:ৰাজ্য সীমান্তত থকা ভাইছেৰা বিঅ'পিৰ সমীপত বিষ্ফোৰণ । জিলেটিন ষ্টিক ব্যবহাৰ কৰি বিষ্ফোৰণ কৰাৰ সন্দেহ আৰক্ষীৰ । বিষ্ফোৰণৰ লগতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ মিজো আই আৰ ব্যাটেলিয়নৰ এক জোৱান ।

    মাত্ৰ কেইবাদিনৰ বিৰতিৰ অন্তত পুনৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে অসম মিজোৰাম আন্ত:ৰাজ্য সীমান্তত । যোৱা শুকুৰবাৰে সীমান্তৱৰ্তী কচুৰথল এলেকাত মিজোৰামে পুনৰ দলং নিৰ্মাণৰ চেষ্টা চলোৱাৰ তথ্য পোহৰলৈ আহে । আৰু ইয়াৰ পিছতে যোৱা নিশা সীমান্তত থকা ভাইছেৰা বিঅ'পিৰ মাত্ৰ কেইবা মিটাৰ দুৰত্বত সংঘটিত হয় বিষ্ফোৰণৰ ঘটন‍া । আৰু বিষ্ফোৰণৰ কিছু সময় পিছতে অসমৰ মাটিত ঘূৰি ফুৰা অৱস্থাত এক মিজো আই আৰ বেটেলিয়নৰ জোৱানক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে ।

    গ্ৰেপ্তাৰ হোৱা জোৱানগৰাকী মিজো ১ নম্বৰ আই আৰ বেটেলিয়নত কৰ্মৰত বাৰ্ডেন থাংমা বুলি জানিব পৰা গৈছে ।  ইপিনে, এই ঘটনাৰ পিছতে আজি ৰাতিপুৱাৰ পৰা হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্ত এলেকাত মোতায়েন কৰা হয় বিশাল আৰক্ষী বাহিনী । ফলতে মিজোৰামৰ নিৰ্মাণ শ্ৰমিক সকলে নিৰ্মাণ কাৰ্য এৰি তাৰ পৰা পলায়ন কৰে। পিছতে নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হোৱা নিৰ্মাণ সামগ্ৰীসকলো তাৰ পৰা লৈ যায় মিজো লোকসকলে ।

    উল্লেখ, যোৱা জুলাই মাহত এই স্থানতে দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিলে মিজোৰামে । কিন্তু অসম মিজোৰাম শান্তি আলোচনাৰ পিছতে এই নিৰ্মাণ কাৰ্য বন্ধ ৰাখিছিলে মিজোৰামে । কিন্তু বৰ্তমানে আকৌ এই নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ বাবে সৃষ্টি হৈছে উত্তেজনাৰ ।
    Published by:Kokil Sarma
    First published: